জামুগুৰিহাটৰ টৌভঙাৰ তৰাজানত নয়নজ্যোতি যুৱক সংঘৰ উদ্যোগত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা ও গ্ৰন্থ উন্মোচনী অনুষ্ঠান

 07/17/2022 - 18:18
 
 
 
 
 
জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ টৌভঙাৰ তৰাজান প্ৰাথমিক বিদ্যালয় ৰঙ্গমঞ্চত আজি নয়নজ্যোতি যুৱক সংঘৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা ও গ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয়৷ ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট সমাজকৰ্মী গোপাল দাসৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতি অৰ্জ্জন কৰা দহগৰাকী কৃতী শিক্ষাৰ্থীক অসমীয়াৰ জাতীয় স্বাভিমান ফুলাম গামোছাৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে, কিতাপৰ টোপোলা আৰু অভিনন্দন পত্ৰ প্ৰদান কৰা হয়৷ ইয়াৰ পিছতে তৰাজানৰ উদিয়মান যুৱ সাহিত্যিক মোহন পাঠকৰ দ্বাৰা লিখিত "টি ট্ৰাইবছ ইন ছচিঅ' পলিটিকেল ৰিলম অফ আসাম" শিৰ্ষক গ্ৰন্থখনি শুভ উন্মোচন কৰে ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰৱক্তা তথা অসম কলেজ শিক্ষক সন্থাৰ সম্পাদক ড° জয়ন্ত বৰুৱাই। গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে সদ্যঘোষিত ভাৰত সাহিত্য একাডেমিৰ অনুবাদ সাহিত্য বঁটাৰ বাবে নিৰ্বাচিত  তথা ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ প্ৰবক্তা ড° সঞ্জীৱ উপাধ্যায় আৰু টুপিয়া পাঁচগাঁও একাডেমিৰ অধ্যক্ষ অশোক দাহালে 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।