গৰমত কিয় পিন্ধিব নালাগে ক’লা ৰঙৰ কাপোৰ?

 07/19/2022 - 14:01
এতিয়া গৰমৰ দিন৷ উৎকট গৰমে দহিছে ৰাজ্যবাসীক৷ গৰমৰ পৰা পৰিত্ৰাণ পাবৰ বাবে কোনোজনে যদি শীতল পানীয় সেৱন কৰিছে ,কোনোজনো আকৌ এচি ৰূমৰ ভিতৰত আৱদ্ধ কৰিছে৷ কিন্তু তাৰ পিছতো বহুজনৰ দেহৰ পৰা আঁতৰা নাই গৰম৷ আপোনাৰ খাদ্যভ্যাসৰ লগতে বহুসময়ত আপোনাৰ পোছাকেও আপোনাৰ শৰীৰলৈ গৰম কঢ়িয়াই আনিব পাৰে৷
 
গৰমৰ দিনত প্ৰায়ে মানুহক বগা বা পাতল ৰঙৰ কাপোৰ পিন্ধা দেখা যায়৷ বহুজনে অৱশ্যে ক’লা ৰঙৰ কাপোৰো পিন্ধে৷ এই ক’লা ৰঙৰ কাপোৰ বহুসময়ত গৰমৰ দিনত শৰীৰত অশান্তি সৃষ্টি কৰাৰ অন্যতম কাৰণ হিচাপে পৰিগণিত হয়৷ শৈশৱত আপোনাক নিশ্চয় আপোনাৰ মাতৃয়ে গৰমত ক’লা ৰঙৰ কাপোৰ পিন্ধিব নিদিছিল৷
 
আপুনি বাৰু জানেনে গৰমত কিয় ক’লা ৰঙৰ কাপোৰ পিন্ধিব নালাগে? যদি পিন্ধে তেনেহলে আজিৰ পৰাই পৰিহাৰ কৰক ক’লা কাপোৰ৷ গৰম দিনত কʼলা কাপোৰ পিন্ধাটো ভাল নহয়, কাৰণ গ্ৰীষ্মকালত বায়ুমণ্ডলত অধিক তাপ থাকে, আন ৰঙৰ তুলনাত কʼলা ৰঙৰ কাপোৰে অধিক তাপ শোষণ কৰে। গতিকে গৰম দিনত কʼলা কাপোৰ পিন্ধাটো ভাল নহয়৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।