চতিয়াত নদুৱাৰ সংগীত বিদ্যাপীঠৰ গ্ৰীষ্মৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠান

 07/19/2022 - 20:11
 
 
 
জামুগুৰিহাটঃ এজাক কণমানিৰ নৃত্যই ৰঙীন কৰি তুলিলে চতিয়া নাট্য ভৱনত আয়োজিত নদুৱাৰ সংগীত বিদ্যাপীঠৰ গ্ৰীষ্মৰ ভাৰত নাট্যম আৰু সৃষ্টিশীল নৃত্যৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠানক ৷ সোমবাৰে সন্ধিয়া চতিয়া নাট্য ভৱনত অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানত কণকণ নৃত্য শিল্পীৰ দ্বাৰা পৰিবেশিত হ’ল বহুকেইটা ন-পুৰণি গীতৰ নৃত্য৷ মুলাগাভৰুৰ পৰা বৰষুণৰ বতৰত মইনা নুঠে মটৰত গীতৰ কণকণ নৃত্য শিল্পীৰ দ্বাৰা পৰিবেশন কৰা নৃত্যই উপস্থিত থকা দৰ্শকক মুগ্ধ কৰিবলৈ সক্ষম৷ যোৱা ৩ জুলাইৰ পৰা ১৮ জুলাইলৈকে ১৫ দিনীয়া নৃত্য কৰ্মশালাত তিনি শতাধিক কণকণ শিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰি সামৰণি অনুষ্ঠানত নিজ নিজ নৃত্য শৈলী পৰিৱেশন কৰে৷ এই অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থকা চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই নদুৱাৰ সংগীত বিদ্যাপীঠৰ প্ৰশিক্ষক তথা আয়োজকক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে কণকণ শিল্পীসকলে পৰিবেশন কৰা অনুষ্ঠান উন্নত মানদণ্ডৰ আৰু ভৱিষ্যতে কণকণ শিল্পীসকল প্ৰতিস্থিত হোৱাৰ কামনা কৰে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।