চতিয়া সমষ্টিৰ বিধায়কলৈ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটা প্ৰদান

 07/21/2022 - 19:30
 
 
জামুগুৰিহাটঃ চতিয়া সমষ্টিৰ বিধায়ক তথা গৰুখুটি কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাক ৰাজ্যখনৰ কৃষি আৰু আনুসংগিক খণ্ডলৈ ব্যতিক্ৰমী অৱদানৰ বাবে বুধবাৰে বিহগুৰিৰ পিঠাখোৱাস্থিত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা স্মৃতি ভৱনৰ পেক্ষাগৃহত তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ জ্যোতি কমল হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত শোণিতপুৰ জিলাৰ বিহগুৰিৰ নাম নিজৰ বীৰত্ব আৰু সমাজ সেৱাৰে উজলাই যোৱা কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাদেৱৰ মৃত্যুৰ শতবাৰ্ষিকীৰ উপলক্ষে অনুষ্ঠিত সোঁৱৰণী সভাত পঞ্চমবাৰৰ বাবে নন্দন কানন সংগীত বিদ্যালয়ে "কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটা" প্ৰদান কৰে। উক্ত অনুষ্ঠানত অসম চৰকাৰৰ গুৱাহাটী উন্নয়ন আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহাল, তেজপুৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক পৃথ্বীৰাজ ৰাভা, শোনিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ প্ৰমুখ্য কৰি বহু গন্যমান্য ব্যক্তি উপস্থিত থাকে। 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।