জামুগুৰিহাটৰ দক্ষিণ নাগশংকৰ গাঁও পঞ্চায়তত মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে অমৃত গছপুলি ৰোপণ কাৰ্যসূচী

 07/22/2022 - 18:37
 
 
জামুগুৰিহাটঃ চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ চমাৰদলনীস্থিত দক্ষিণ নাগশংকৰ গাঁও পঞ্চায়ত কাৰ্য্যালয়ৰ চৌহদত আজি এক গছপুলি ৰোপণ কাৰ্য্যসুচী ৰূপায়ণ হয়৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মৰ্মে আৰু চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ বিশেষ তৎপৰতাত আজি এই অমৃত গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে দক্ষিণ নাগশংকৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী পাৰ্বতী শৰ্মাই৷ সভানেত্ৰী গৰাকীয়ে কয় যে- "গছ থাকিলেহে মানুহ থাকিব। গতিকে সকলোৱে আজিৰ পৰাই নিজৰ নিজৰ ঘৰৰ চৌহদত মূল্যবান গছপুলি ৰোপণ কৰি ইয়াক নিজৰ সন্তানৰ দৰেই প্ৰতিপাল কৰাতো আমাৰ দ্বায়িত্ব।" আজি পঞ্চায়তৰ কাৰ্য্যালয় চৌহদত উন্নত প্ৰজাতিৰ শতাধিক গছপুলি ৰোপণ কৰে দক্ষিণ নাগশংকৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী পাৰ্বতী শৰ্মা, সম্পাদক ভূপেন দাস, ৩ নং ৱাৰ্ডৰ সদস্য চন্দন উপাধ্যায়ৰ উপৰিও প্ৰতিটো ৱাৰ্ডৰ সদস্য-সদস্যা সকলৰ লগতে অঞ্চলবাসী ৰাইজে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।