পেটৰ তাড়নাত বহিঃৰাজ্যলৈ কাম কৰিবলৈ গৈ নিৰুদ্দেশ ধুবুৰীৰ ১৮ বছৰীয়া যুৱক

 06/10/2019 - 19:48

ধুবুৰীঃ এটা অসহায় পৰিয়ালৰ কৰুণ ঘটনা। এই ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। পৰিয়ালটোত কি হৈছিল? ইফালে ঈদৰ তিনি দিন পূৰ্বেৰ পৰাই এই অসহায় পৰিয়ালটো এক অশান্তিৰ মাজতে দিন কটাবলগীয়া হৈছে। আচলতে পেটৰ তাড়নাত বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ হ'ল এজন ১৮ বছৰীয়া যুৱক। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে ধুবুৰীৰ আগমনি আৰক্ষী চকীৰ অন্তৰ্গত জাপুসাবাৰি গাঁৱৰ স্থানীয় বাসিন্দা আয়ুব আলী বেপাৰীৰ সৰু পুত্ৰ আহাদ আলী বেপাৰী (১৮)নিৰুদ্দেশ হৈ আছে।

আৰ্থিক অনাটনৰ বাবে অসহায় পৰিয়ালটো কোনো মতে পোহপাল দিবলগা হৈছিল পিতৃয়ে। পেটৰ তাড়নাত বিগত একমাহ পূৰ্বে একে গাঁৱৰে সমবয়সীয়া যুৱকৰ সৈতে ধুবুৰীৰ পৰা বাংগালোৰৰ হাৰিয়াৰ দাবাংগিৰি নামৰ ঠাইত অ’ভাৰ ব্ৰীজ নিৰ্মাণৰ দিন হাজিৰা শ্ৰমিক হিচাপে কাম কৰিবলৈ গৈছিল। তালৈ গৈ কেইদিনমান কামো কৰিছিল ল’ৰাজনে।

কিন্তু যোৱা ৬-৭ দিন ধৰি নিৰুদ্দেশ হৈ আছে আহাদ আলী বেপাৰী। পিছে অসহায় পৰিয়ালটোৱে বহিঃৰাজ্যৰ বিভিন্ন ঠাইত বিচাৰক খোজাৰ কৰিও কোনো সন্ধান নোপোৱাত পিছে উপায়হীন হৈ পৰিয়ালৰ লোকে বহি: ৰাজ্যৰ কমাৰাপাতানাম আৰক্ষী চকীত ০০৫৮/২০১৯ এখন FIR দিয়ে। আনহাতে পৰিয়ালৰ লোকে উক্ত যুৱক জনৰ কোনো ব্যক্তিয়ে সন্ধান পালে 7047080978 or 8337887925 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।