চাপৰত গ্ৰীষ্মকালীন বিহু নাচ আৰু ঢোল বাদন প্ৰশিক্ষণ কৰ্মশালাৰ সফল সামৰণি

 07/23/2022 - 12:52
 
 
 
চাপৰঃ চাপৰত গ্ৰীষ্মকালীন বিহু নাচ আৰু ঢোল বাদন প্ৰশিক্ষণ কৰ্মশালাৰ সফল সামৰণি৷ চাপৰ আঞ্চলিক বিহুৱা-বিহুতীৰ উদ্যোগত প্ৰথম বাৰ্ষিক গ্ৰীষ্মকালীন বিহু নাচ আৰু ঢোলা বাদন কৰ্মশালা আজি সমাপ্ত হয়। এই কৰ্মশালা যোৱা 16 জুলাই পৰা আৰম্ভ হৈছিল আৰু আজি 22 জুলাইত সফল সামৰণি ঘটে। গীত, ঢোল বাদনৰ তালে-তালে কৰ্মশালাত ব্যস্ত কণ কণ শিশু আৰু লগতে ডেকা-গাভৰুও। উক্ত কৰ্মশালাৰ প্ৰশিক্ষণ দিয়ে গোলাঘাটৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্যশিল্পী কুঞ্জ হাজৰিকা, উত্তৰ লখিমপুৰৰ মৃদুস্মিতা বৰগোহাঁই লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ঢোল বাদক ৰূপম শৰ্মা।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।