ৰঙিয়াত চি পি আই(এম)ৰ বান সাহায্য প্ৰদান

 07/23/2022 - 16:45
 
 
 
 
ৰঙিয়াঃ ৰঙিয়াত চি পি আই(এম)ৰ অসম ৰাজ্যিক কমিটিৰ উদ্যোগত আৰু কামৰূপ জিলা কমিটিৰ সহযোগত বন্যাক্ৰান্ত ৰাইজৰ মাজত সাহায্য বিতৰণ। ৰঙিয়াৰ প্ৰায় চাৰিশ বানাক্ৰান্ত পৰিয়ালৰ মাজত দলটোৱে বান সাহায্য বিতৰণ কৰে। চিপিআইএম দলৰ ৰাজ্যিক সমিতিয়ে আগবঢ়োৱা আৰ্থিক সাহায্যৰে ৰঙিয়াত এনেদৰে দলটোৱে বান সাহায্য বিতৰণ কৰে। 
 
 
 ইফালে চিপিআইএম দলৰ ৰঙিয়াস্থ কাৰ্য্যালয়ত বান সাহায্য কেন্দ্ৰত উপস্থিত থাকি ৰাজ্যিক সম্পাদকমণ্ডলীৰ সদস্য নয়ন ভূঞা আৰু নিৰংকুশ নাথে বান সাহায্যৰ নামত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে স্বজন-তোষন কৰা বুলি অভিযোগ কৰে। অসমৰ বান সমস্যাটো কেন্দ্ৰীয় চৰকাৰে যিধৰণে গুৰুত্ব সহকাৰে লব লাগিছিল তেনেদৰে বৰ্তমানলৈ লোৱা নাই বুলি নেতা দুগৰাকীয়ে কয়।   যোৱাটো প্ৰলয়ংকাৰী বানে অসমৰ ৰাইজক যি ধৰণে ক্ষতি কৰিছে সেইধৰণে কেন্দ্ৰীয় চৰকাৰে আৰ্থিক সাহায্য প্ৰদান নকৰিলে। যাৰ ফলত বানত ক্ষতিগ্ৰস্ত পৰিয়াল সমুহ এতিয়ালৈ নিজৰ ঘৰ খনলৈ যাব পৰা পৰিৱেশ সৃষ্টি হোৱা নাই বুলি নেতা দুগৰাকীয়ে উল্লেখ কৰে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।