বিলাসীপাৰাত একেইদিনাই তিনিটাকৈ আধাৰশিলা স্থাপন বিধায়ক ছামছুল হুদাৰ

 07/24/2022 - 12:21
 
 
বিলাসীপাৰাঃ বিলাসীপাৰাত একেইদিনাই তিনিটাকৈ কামৰ আধাৰশিলা স্থাপন বিধায়ক ছামছুল হুদাৰ। সাংসদ পুঁজিৰ অধীনত পূৱ বিলাসীপাৰাৰ আনন্দ নগৰ এম ই স্কুল, বেলতলী এম ই স্কুল আৰু ছুৱাপাতাৰ তালেবুল এম ই মাদ্ৰাছাত, প্ৰতিটোতে ৪ লাখ ৯০ হাজাৰ টকাকৈ, মুঠ ১৪ লাখ ৭০ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া বৰ্ধিত শ্ৰেণী কোঠা আৰু বাউণ্ডাৰীৱাল নিৰ্মাণ কামৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ছামছুল হুদাই। আধাৰশিলা স্থাপন কৰি কেইবাটাও বিস্ফোৰণ ঘটায় বিধায়ক ছামছুল হুদা। পূৱ বিলাসীপাৰা সমষ্টিৰ AIUDF ৰ বিধায়ক গৰাকীয়ে কয় যে, আগন্তুক লোকসভা নিৰ্বাচনত AIUDF দলৰ পৰা ৭ গৰাকী সংসদ নিৰ্বাচিত হোৱাটো নিশ্চিত। পঞ্চায়ত নিৰ্বাচনতো AIUDF দলৰ ফলাফল পূৰ্বৰ তুলনাত বহু ভাল হ'ব বুলি ভবিষ্যৎ বাণী কৰে বিধায়ক হুদাই। উক্ত আধাৰশিলা স্থাপন অনুষ্ঠানত বিধায়ক হুদাৰ লগতে AIUDF দলৰ কেইবাজনো নেতা কৰ্মী উপস্থিত থাকে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।