নৱনিৰ্মিত নলবাৰী মেডিকেল কলেজ পৰিদৰ্শন কেশৱ মহন্তৰ

 07/27/2022 - 14:43
 
 
 
নলবাৰীঃ নৱনিৰ্মিত নলবাৰী মেডিকেল কলেজ পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ৷ কেশৱ মহন্তই আজি আকস্মিকভাৱে উপস্থিত হৈ ঘগ্ৰাপাৰস্থিত নলবাৰী মেডিকেল কলেজ পৰিদৰ্শন কৰে।
মেডিকেল কলেজখনৰ কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে ২০২২/২০২৩ নতুন শিক্ষাবৰ্যত আৰম্ভণি হোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য আগবঢ়ায়।
 
নৱনিৰ্মিত মেডিকেল কলেজখনত স্বাস্থ্য বিভাগৰ নিয়ম অনুযায়ী নিযুক্তি দিয়া হ’ব। বৰ্তমান কভিডক লৈ স্বাস্থ্যবিভাগৰ যি এছ ও পি আছে সেই একে এছ ও পি বৰ্তমানে বাহাল থাকিব বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে। বৰ্তমান নতুনকৈ এছ ও পি দিয়াৰ সিদ্ধান্ত লোৱা নাই স্বাস্থ্য বিভাগে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।