07/28/2022 - 17:47
in
নলবাৰীঃ নলবাৰী নাট্য মন্দিৰত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত নলবাৰী জিলাৰ বিভিন্ন শিক্ষানুষ্ঠান সমূহৰ পৰা সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ বাবে এক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। প্ৰথমতে সমবেত সংগীত আৰু দিহা নামেৰে অনুষ্ঠানৰ শুভৰাম্ভণি কৰা হয়।
সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকাই আত ধৰা,জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজিৎ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড.সমুৎজ্জল কুমাৰ ভট্টাচাৰ্য, নলবাৰী কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰতণ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ দীপক কুমাৰ শৰ্মা, সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা, ৰাজ্যিক কাৰ্যনিৰ্বাহক ৰিয়াজুদ্দিন আহমেদকে প্ৰমুখ্য কৰি ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকল,কৃতী ছাত্ৰ-ছাত্ৰী অভিভাৱক অভিভাবিকা সকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকল। ভাষণ প্ৰসংগত ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ছাত্ৰ ছাত্ৰী সকল দেশৰ ভৱিষ্যৎ।
অসম মাতৃৰ সৰ্বাঙ্গীণ উন্নয়ন আৰু নৱ ভাৰত গঢ়াৰ বাবে আজিৰ ছাত্ৰ-ছাত্ৰী সকলেই দায়িত্ব লব লাগিব।লগতে ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰতিটো সামাজিক দিশত সদায়ে আছুৱে অৰিহনা যোগাব বুলিওত মন্তব্য প্ৰকাশ কৰে।শেষত কৃতি ছাত্ৰ-ছাত্ৰী সকলক সম্বোৰ্ধনা জ্ঞাপন কৰা হয়।