চতিয়াত বিশ্ব মাতৃ দুগ্ধপান সপ্তাহ উদযাপন

 08/01/2022 - 19:18
 
 
 
জামুগুৰিহাটঃ অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ অন্তৰ্গত চতিয়া সংহত শিশু উন্নয়ন প্ৰকল্পই উদযাপন কৰিছে বিশ্ব মাতৃ দুগ্ধপান সপ্তাহ৷ ১ আগষ্টৰ পৰা ৭ আগষ্টলৈ বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰিব বিশ্ব মাতৃ দুগ্ধপান সপ্তাহ৷ আজিৰ দিনৰ কাৰ্যসূচী ৰূপে মাতৃ দুগ্ধৰ উপকাৰীতাৰ সম্পৰ্কে এক সজগতা সমদল উলিয়াই চতিয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ পৰা এল বি ৰোডৰ মাজেৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ৷ চতিয়া সংহত শিশু উন্নয়ন প্ৰকল্প সমাজ কল্যান বিভাগৰ বিষয়া জয় ডলেৰ নেতৃত্বত আজি “মাতৃ দুগ্ধ সহজলভ্য”, “মাতৃ দুগ্ধ বীজাণুমুক্ত’ আদি প্লেকাৰ্ড লৈ শ্ল’গানেৰে চতিয়াৰ ৰাজপথত সমদলৰে সকলোকে সজাগ কৰাৰ প্ৰচেষ্টা হাতত লয়৷ বিষয়াগৰাকীয়ে কয় যে- "৬ বছৰলৈকে শিশুক কেৱল মাকৰ গাখীৰহে খুৱাব লাগে। পানী খুৱাব নালাগে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।