দেহাৰকুছি গাঁও পঞ্চায়তৰ সভাপতি তথা ব্যৱসায়ী যোগেশ্বৰ শৰ্মালৈ সমাজ সৌৰভ বঁটা

 08/01/2022 - 20:40
 
 
 
 
 
নলবাৰীঃ গুৱাহাটীস্থিত শংকৰদেৱ কলাক্ষেত্ৰৰ ড০ বাণিকান্ত কাকতি প্ৰেক্ষাগৃহত কালি আবেলি অসমৰ আগশাৰীৰ ডিজিটেল মিডিয়া চেনেল নৰ্থ ইষ্টৰ উদ‍্যোগত নৰ্থ ইষ্ট আইকন বঁটা প্ৰদান অনুষ্ঠানত North East 2022 ৰ সমাজ সৌৰভ বঁটা লাভ কৰে নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ চতমা গাঁৱৰ বিশিষ্ট ব্যৱসায়ী, সমাজকৰ্মী তথা ১১নং দেহাৰকুছি গাঁও পঞ্চায়তৰ সভাপতি যোগেশ্বৰ শৰ্মাই। শৰ্মাই এগৰাকী পঞ্চায়ত জনপ্ৰতিনিধি হৈ ব‍্যৱসায় থকাৰ পিছতো সমাজৰ আৰ্তজনক সহায় কৰাৰ উপৰিও ব‍্যৱসায়ত পৰোক্ষ-প্ৰত‍্যক্ষভাৱে প্ৰায় অৰ্ধশতাধিক অসমীয়া যুৱক-যূৱতীক কৰ্মসংস্থাপন দি অহাৰ পৰিপ্ৰেক্ষিতত এই বঁটা পাবলৈ সক্ষম হয়। উল্লেখ‍্য যে প্ৰতিবছৰে চেনেল নৰ্থ ইষ্ট অসমৰ সমাজ জীৱনত বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ব‍্যক্তিসকলক এই বঁটা প্ৰদান কৰে।
 
 
এই উপলক্ষে কালি প্ৰেক্ষাগৃহতে জীৱন যোৰা সাধনা বঁটা বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীক প্ৰদান কৰা হয়।ইয়াৰ উপৰিও বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈ, বিশিষ্ট অভিনেত্ৰী চেতনা দাস,গায়িকা মালবিকা বৰা,অভিনেত্ৰী অস্মি্তা গগৈৰ লগতে বহুকেইগৰাকী বিশিষ্ট লোকক এই বঁটা প্ৰদান কৰা হয়।।ইফালে দেহাৰকুছি গাঁও পঞ্চায়তৰ সভাপতি তথা বিশিষ্ট ব‍্যৱসায়ী যোগেশ্বৰ শৰ্মাই কালি এই বঁটা লাভ কৰাৰ পিছত অঞ্চলটোৰ বিভিন্ন দল-সংগঠনসহ বিভিন্নজনে শুভেচ্ছা জ্ঞাপন কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।