ব্ৰহ্মপুত্ৰত জাপ দিলে এগৰাকী ছাত্ৰীসহ দুগৰাকী ছাত্ৰই

 06/10/2019 - 20:07

 গুৱাহাটী: চন্দ্ৰপুৰ কলেজৰ ছাত্ৰী কৃষ্ণা কলিতাসহ ব্ৰহ্মপুত্ৰত জপিয়ালে জাগীৰোড কলেজৰ ভাৰ্গৱ ডেকা আৰু ৰঞ্জন ডেকা নামৰ দুই শিক্ষাৰ্থীয়ে। তাতীমাৰাৰ তপোবনত সংঘটিত হৈছে এই ঘটনা।

৫ গৰাকী শিক্ষাৰ্থীয়ে ফুৰিবলৈ আহিছিল সেই স্থানলৈ। ঘটনাস্থলীত উপস্থিত হৈছে প্ৰাগজ্যেতিষপুৰ আৰক্ষী।

প্ৰেমজনিত কাৰণতে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে। ইতিমধ্য উদ্ধাৰ হৈছে ৰঞ্জন ডেকাৰ মৃতদেহ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।