ৰহা সমষ্টিৰ মাধৱপাৰা পঞ্চায়তত আজাদী কা অমৃত মহোৎসৱ উপলক্ষে বিশেষ সভা

 08/02/2022 - 18:33
 
 
 
 
 
কামপুৰঃ ৰহা সমষ্টিৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ মাধৱপাৰা পঞ্চায়তত আজাদী কা অমৃত মহোৎসৱ উপলক্ষে হৰ ঘৰ ত্ৰিৰঙ্গা বিশেষ সভা অনুষ্ঠিত হয়। ইফালে এই কাৰ্যসূচীতে মাধৱপাৰা পঞ্চায়তৰ নৱ নিৰ্মিত পঞ্চায়ত কাৰ্যলয়টো শুভ উদ্বোধন কৰে বিধায়ক শশীকান্তু দাস আৰু কঠিয়াতলী উন্নয়ন খণ্ড বিষয়া হিৰণ্য চমুৱাই। মাধৱপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰেহেনা বেগমৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপস্থিত থাকে ৰহা সমষ্টিৰ বিধায়ক শশী কান্ত দাসৰ লগতে কঠিয়াতলী উন্নয়ন খণ্ড বিষয়া হিৰণ্য চমুৱা, স্থানীয় সমাজ সেৱক আৰু মাধৱ পাৰা গাঁও পঞ্চায়তৰ বিভিন্ন ৱাৰ্ডৰ ৰাইজসকল।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।