ঢকুৱাখনাৰ ঘিলামৰাত আশ্ৰয় শিবিৰৰ শতাধিক পৰিয়ালক সাহায্য বিতৰণ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক পদ্মলোচন দলেৰ

 08/02/2022 - 20:17
 
 
ঢকুৱাখনাঃ ঢকুৱাখনাৰ ঘিলামৰাত আশ্ৰয় শিবিৰত থকা শতাধিক পৰিয়ালৰ মাজত সাহায্য বিতৰণ কংগ্ৰেছৰ৷ 31 জুলাইৰ দিনা ঘিলামৰাত সৃষ্টি হোৱা প্ৰলয়ংকৰী বাঢ়নী পানীয়ে বৰদৈবাম, চকলাগুৰি, ত্ৰিশূল, দিঘলীবস্তি, মাজিগাঁও আদি কেইবাখনো গাঁৱৰ ঘৰ-বাৰী জলমগ্ন কৰি তোলাত গাঁও সমূহৰ ৰাইজে আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে। ঘিলামৰা পাব্লিক হাইস্কুল আৰু মাজিগাঁও প্ৰাথমিক বিদ্যালয়ত প্ৰায় তিনি শতাধিক পৰিয়ালে নিজৰ আপোন ঘৰ খন এৰি আশ্ৰয় ল’বলগীয়া হৈছে। বিগত দুদিন ধৰি আশ্ৰয় শিবিৰত দিন কটাবলগীয়া হোৱা বৰ্ণাত্য সকলৰ মাজত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক পদ্মলোচন দলে ই বান সাহাৰ্য বিতৰণ কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।