গাহৰি পালনেৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস ঘিলামৰাৰ অনুপ গগৈৰ

 08/03/2022 - 14:18
 
 
 
 
ঢকুৱাখনাঃ যি সময়ত ঘিলামৰাৰ শতাধিক যুৱকে কৰ্মসংস্থাপনৰ আশাত বহিঃৰাজ্যলৈ ধাৱমান হৈছে সেই সময়তে ঘিলামৰা চৌখামঘাট গাঁৱৰ অনুপ গগৈ নামৰ যুৱক জনে দেখাইছে সংস্থাপন হোৱাৰ পথ।
 
নিজৰ সামান্য মূলধনেৰে 2020 চনত নিজৰ ঘৰতে আৰম্ভ কৰে গাহৰি ফাৰ্ম। উন্নত প্ৰজাতিৰ উন্নত প্ৰজাতিৰ ক্ৰমে লাৰ্জ হোৱাইট ইয়কছায়াৰ, লেণ্ডৰেচ, মিডল হোৱাইট ইয়কছায়াৰ আদি গাহৰি পালন কৰি অনুপ গগৈয়ে স্বাৱলম্বনৰ বাট মোকলাই লৈছে।
 
বিগত দুবছৰত সামান্য উৰ্পাৰ্জন হৈছে যদিও চলিত বছৰৰ পৰা লাভৰ মুখ দেখিবলৈ পোৱাৰ কথা ব্যক্ত কৰি অনুপে বহিঃৰাজ্যলৈ ধাৱমান হোৱা যুৱক সকলক নিজৰ ঘৰতে ব্ৰয়লাৰ, ছাগলী, হাঁহ, গাহৰি পালনেৰে স্বাৱলম্বী হ’বলৈ আহ্বান জনাইছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।