নাৰায়্ণপুৰৰ জামুগুৰি গাঁও পঞ্চায়ত সমিতিৰ উদ্যোগত বীৰ লাচিত বহুমুখী সমবায় সমিতিৰ বিশেষ সভা

 08/04/2022 - 20:06
 
 
 
নাৰায়্ণপুৰঃ জামুগুৰি গাঁও পঞ্চায়ত সমিতিৰ উদ্যোগত বীৰ লাচিত বহুমুখী সমবায় সমিতিৰ নেতৃত্বত আজি এক বিশেষ সভা জামুগুৰি গাঁও পঞ্চায়তৰ কায্যালয়ত আয়োজন কৰা হয়৷ পথাৰ আমাৰ বজাৰ আমাৰ এই বিশেষ শ্ল’গানেৰে অঞ্চলটোৰ নিবনুৱাসকলৰ স্বাৱলম্বিতাৰ ক্ষেত্ৰত লক্ষ্য ৰাখি এই বিশেষ সভাখন অনুষ্ঠিত কৰা হয়৷ উক্ত সভাত উপস্থিত থাকে বিহপুৰীয়া সমষ্টিৰ বিধায়ক ডঃ অমিয় কুমাৰ ভূঞা৷ অঞ্চলতটিত থকা চনপৰা মাতিসমূহক লৈ খেতি কৰাৰ বাবে এক আলোচনা এই সভাত হয়৷ লগতে জামুগুৰি অঞ্চলটোত হস্ততাত আৰু বয়ণশিল্পৰ এক প্ৰতিষ্ঠান এই অঞ্চলত কৰাৰ আশ্বাস দিয়ে বিধায়কগীৰাকীয়ে৷ লগতে জামুগুৰি অঞ্চলত এখন উন্নতমানৰ চিকিৎসালয়ৰ নিৰ্মাণৰ কাম অতি সোনকালে হোৱাৰ আশ্বাস দিয়ে বিধায়ক গৰাকীয়ে৷
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।