বৰপেটা জিলা উপায়ুক্ত কাৰ্য্যালয়ত লোক কল্যাণ দিৱসৰ লগত সংগতি ৰাখি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ তিৰোভাৱ তিথি উদযাপন

 08/05/2022 - 19:49
 
 
বৰপেটাঃ আজি বৰপেটা জিলা উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত হোৱা লোক কল্যাণ দিৱস ২০২২'ৰ লগত সংগতি ৰাখি গোপীনাথ বৰদলৈ দেৱৰ তিৰোভাৱ তিথি উদযাপন কৰা হয়। এই অনুষ্ঠানটোত অসমত প্ৰথমবাৰৰ বাবে কৰ্মক্ষেত্ৰত বিশেষ ব্যক্তিৰ প্ৰতিভা বিবেচনা কৰি অসম চৰকাৰৰ ফালৰ পৰা বঁটা প্ৰদান কৰা হয়। এই ক্ষেত্ৰত বৰপেটাৰ দুজন কৰ্মচাৰীক কৰ্মক্ষেত্ৰত দেখুওৱা বিশেষ প্ৰতিভা বিবেচনা কৰি বঁটা প্ৰদান কৰা হয়। সেই দুজন কৰ্মচাৰী হ'ল বৰপেটা কোষাগাৰৰ গাণনিক প্ৰদীপ কুমাৰ পাঠক আৰু বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰ্যবেক্ষণ সহায়ক চালেহা বেগমক প্ৰদান কৰা হয় এই বিশেষ বঁটা। উল্লেখযোগ্য যে, অসমৰ জিলা পৰ্যায়ত ৮৯ জন আৰু ৰাজ্যিক পৰ্যায়ত দহ জন লোকক এই বঁটা প্ৰদান কৰা হয়। 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।