বৰপেটাৰোডত গৰুভৰ্তি গাড়ীসহ চাৰিজনক আটক

 06/10/2019 - 20:45

বৰপেটাৰোডঃ এখন নম্বৰ প্লেট বিহীন বলেৰ' পিক আপ গাড়ীৰে দেওবাৰে নিশা ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথেৰে অবৈধভাৱে চাৰিটা গৰু তেজপুৰ অভিমূখে কঢ়িয়াই নি থকাৰ সময়ত বৰপেটাৰোড আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত গৰুভৰ্তি গাড়ীখন জব্দ কৰাৰ লগতে চাৰিজন লোকক আটক কৰিবলৈ সক্ষম হয়৷ আটকাধীন লোককেইজন ক্ৰমে তাহেৰ আলী, শ্বহিদুল ইছলাম, মজিবৰ ৰহমান আৰু আইনুদ্দিন৷

ইয়াৰে শ্বহিদুল ইছলাম আৰু মজিবৰ ৰহমানৰ ঘৰ শোণিতপুৰ জিলাত আনহাতে আইনুদ্দিন আৰু তাহেৰ আলীৰ ঘৰ বৰপেটাৰ বালাভিঠাত বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে গৰুবোৰ বিহাৰৰ পৰা নথিপত্ৰ নোহোৱাকৈ অবৈধ ভাৱে ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথেৰে কঢ়িয়াই লৈ গৈ আছিল৷ অবৈধভাৱে গৰু সৰবৰাহ কৰাৰ অপৰাধত বৰপেটাৰোড আৰক্ষীয়ে আটকাধীন লোকসকলক আজি বৰপেটা জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।