৭ আগষ্টত সন্ধ্যাতৰা ভ্ৰাম্যমাণ নাট্যদলৰ আখৰা উদ্বোধনী অনুষ্ঠান

 08/05/2022 - 20:22
 
 
নলবাৰীঃ নলবাৰী জিলাৰ বৰভাগৰ অন্তৰ্গত বাউসী উদয়পুৰৰ অপেছাদাৰী নাট্যদল সন্ধ্যাতৰা ভ্ৰাম্যমাণ নাট্যদলে চতুৰ্থ নাট্যবৰ্ষৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। চতুৰ্থ নাট্যবৰ্ষত নাট্যদলটোৱে  নাট্যকাৰ প্ৰদীপ শৰ্মাৰ অনবদ্য সৃষ্টি ” নিয়ৰৰ চকুলো”, আৰু প্ৰেম,প্ৰতাৰনা আৰু প্ৰতিশোধৰ এক হৃদয়স্পৰ্শী কাহিনীৰে ” মৰম মাথোঁ মায়া”, আৰু উদীয়মান অভিনেতা তথা নাট্যকাৰ হিৰক দাসৰ “মোৰ মিনতি তৰা হয় যদি “চলিত নাট্যবৰ্ষত  নাট কেইখন মঞ্চস্থ কৰিব নাট্যদলটোৱে। পৰিচালনাৰ দায়িত্বত থাকিব বুবুল কলিতা। সন্ধ্যাতৰা নাট্যদলটোত অভিনয়ৰ বাবে ইতিমধ্যে চুক্তিবদ্ধ হৈছে কুলেশ্বৰ ডেকা,মানবেন্দ্ৰ তালুকদাৰ,হিৰক দাস,প্ৰশান্ত ৰাজ,পাপু ধ্ৰুৱজ্যোতি,জয়ন্ত শৰ্মা,জয়ন্ত হালৈ,চুমী হালৈ,ৰূপালী কলিতা,নিলাক্ষী দাস,প্ৰীতিৰেখা দাস,মনোজ দাস, সমুদ্ৰ তালুকদাৰ, মৃদুল ভূঞা লগতে হৰজিৎ তালুকদাৰ। নাট্যদলটোৰ দলপতিৰ দায়িত্বত আছে উমেশ বেজবৰুৱা আৰু সাংগঠনিক সম্পাদকৰ দায়িত্বত থাকিব হিৰক দাস। সংগীত ব্যৱস্থাপনা সীমান্ত বেজবৰুৱা। অহা ৭ আগষ্টত সন্ধ্যাতৰা ভ্ৰাম্যমাণ নাট্যদলটোৱে বাউসীউদয়পুৰস্থিত স্থায়ী আখৰা শিবিৰত আখৰাৰ শুভাৰম্ভ কৰিব বুলি মুখ্য প্ৰযোজক সমুদ্ৰ তালুকদাৰে জানিবলৈ দিয়ে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.