ৰাজ্যিক কালাৰীপাইটুত উজলিল চাংসাৰিৰ খেলুৱৈ

 08/06/2022 - 11:56
 
 
চাংসাৰইঃ ৰাজ্যিক অল অসম কালাৰী পাইটুত উজলিল কামৰূপ জিলা গোট। কামৰূপৰ চাংসাৰিৰ প্ৰশিক্ষক ছফিকুৰ ৰহমানৰ দলৰ খেলুৱৈয়ে কালাৰীপাইটুত ৫ টা স্বৰ্ণ,৪ টা ব্ৰঞ্জৰ বিপৰীতে  বভিনাম খেলত ৬ টা স্বৰ্ণ, ৪ টা ৰূপ আৰু ৩ টা ব্ৰঞ্জৰ পদক লাভ কৰে। চাংসাৰিৰ ৱাচিম আলীয়ে বভিনামত লাভ কৰিছে বেষ্ট ফাইটাৰৰ আৰু সমীক্ষা বেগমে কালাৰীপাইটুত শ্ৰেষ্ঠ সন্মান।পৰবৰ্তী সময়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলৰ বাবে নিৰ্বাচিত হৈছে কামৰূপ দলটো।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।