বিশ্বনাথত আন্তঃজিলা আৰক্ষী থানা ফুটবল প্ৰতিযোগিতাৰ সামৰণি

 08/06/2022 - 14:26
 
 
 
 
বিহালীঃ বিশ্বনাথ জিলা আৰক্ষীৰ উদ্যোগত যোৱা ১ আগষ্টৰ পৰা অনুষ্ঠিত হোৱা আন্ত:জিলা আৰক্ষী থানা ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন কালি অনুষ্ঠিত হয়। কালি বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত চূড়ান্ত খেলখন শুভ উদ্বোধন কৰে বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক নবীন সিঙে। বিশ্বনাথ চাৰিআলি ষ্টেডিয়ামত বিহালী আৰক্ষী থানা আৰু বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ মাজত অনুষ্ঠিত চূড়ান্ত খেলখন প্ৰথমাৰ্ধত গ'ল শূণ্যভাবে সমাপ্ত হয়। তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত দ্বিতীয়াৰ্ধৰ খেল আৰম্ভ হোৱাৰ কিছু সময় পিছতে বিহালী আৰক্ষীৰ দলে বিশ্বনাথ আৰক্ষীৰ দলক ১ গ'ল দিবলৈ সক্ষম হয়। নিৰ্ধাৰিত সময়লৈকে খেলখন ১-০ ভাবে সমাপ্ত হোৱাত বিহালী আৰক্ষী দলে বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাত শ্রেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে বিহালী আৰক্ষী দলৰ অমল বৰাইক আৰু টুৰ্নামেন্টৰ শ্ৰেষ্ঠ গ'ল কিপাৰৰ সন্মান লাভ কৰে জেবিয়াৰ খাৰীয়াই। এই প্ৰতিযোগিতাত জিলাখনৰ অন্তৰ্গত ৮ খনকৈ আৰক্ষী থানাৰ ৮ টা দলে অংশগ্ৰহণ কৰিছিল। বিশ্বনাথৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকাই আঁত ধৰা পুৰস্কাৰ বিতৰণী অনুষ্ঠানত উপস্থিত থাকে বিশ্বনাথ জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে,  চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত, বিজেপিৰ জিলা সভাপতি পংকজ বৰাৰ লগতে গণ্যমান্য ব্যক্তিসকল।  
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।