বৰখালাত বিনামূলীয়া চকু চিকিৎসা শিবিৰ সম্পন্ন

 08/06/2022 - 17:05
 
 
বাহাৰঘাটঃ গুৱাহাটী শংকৰদেৱ নেত্ৰালয়ৰ সৌজন্যত আৰু বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱৰ সহযোগত বৰখালাস্থিত ক্লাৱ কাৰ্যালয় প্ৰাংগনত এটি বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হয়৷ আজি পুৱা এঘাৰ বজাত শিবিৰটো উদ্বোধন কৰে ক্লাৱৰ সভাপতি তথা বিশিষ্ট চিকিৎসক ডা°অৰুন চন্দ্ৰ শৰ্মাই৷ শিবিৰ উদ্বোধনী সময়তে নেত্ৰালয়ৰ পৰা অহা চকুৰোগ বিশেষজ্ঞ সকলৰ লগতে সহকৰ্মী সকলক একোখন গামোছাৰে আদৰণি জনাই৷ শিবিৰত শংকৰদেৱ নেত্ৰালয়ৰ চকুৰোগ বিশেষজ্ঞ ক্ৰমে গৰিমা কলিতা,মন্দিতা শৰ্মা,নীতা স্বৰ্গিয়াৰী,জ্যোতিৰ্ময় ডেকা,নিলিমেশ শৰ্মা,মাধুৰ্য্যময় তালুকদাৰ,উৎপল দাস আৰু চুপাৰভাইজাৰ প্ৰানজিত দাসে অংশগ্ৰহণ কৰে৷শিবিৰত কেইবাজনো চকুৰোগীৰ কেতেৰেগ চিনাক্ত কৰি তেওঁলোকক পৰবৰ্তী সময়ত বিনামূলীয়াকৈ অস্ত্ৰোপচাৰ কৰি দিয়াৰ বাবে একোখনকৈ কাৰ্ড অৰ্পণ কৰে৷ইতিমধ্যে ক্লাৱৰ জৰিয়তে শংকৰদেৱ নেত্ৰালয়ে শহস্ৰাধিক পুৰুষ মহিলাৰ চকুৰ কেতেৰেগ অপাৰেচন কৰি উপকৃত কৰিছে৷আজিৰ শিবিৰত দুই শতাধিক চকুৰোগীয়ে চকু পৰীক্ষা কৰাই৷আজিৰ শিবিৰ উদ্বোধনী অনুষ্ঠানৰ আত ধৰিছিল ক্লাৱৰ সম্পাদক দিলীপ কুমাৰ ভট্টাচাৰ্যই৷
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।