নলবাৰী জিলাৰ লহকৰপাৰাত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

 08/07/2022 - 17:14
 
 
বাহাৰঘাটঃ নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত লহকৰপাৰা জনশিক্ষা পুথিভঁড়ালত নালান্দা পাব্লিক স্কুল বাহাৰঘাটৰ সৌজন্যত আয়ুৰ্বেদিক চিকিৎসা সংস্থা অসমৰ দ্বাৰা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়। আয়ুৰ্বেদিক চিকিৎসা সংস্থা অসমৰ অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা প্ৰদান কৰা বিনামূলীয়া শিবিৰ মুকলি কৰে নলবাৰী নালান্দা পাব্লিক স্কুলৰ অধ্যক্ষ জিতেন্দ্ৰ কুমাৰ জৈনে। তাৰ পিছতে বিশিষ্ট অতিথি সকলৰ লগতে উপস্থিত চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলক নালান্দা পাব্লিক স্কুল বাহাৰঘাটৰ তৰফৰ পৰা একোখনকৈ গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। আজিৰ এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত প্ৰায় তিনি শতাধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ পাতি প্ৰদান কৰা পৰিলক্ষিত হয়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.