08/13/2022 - 12:42
in
নলবাৰীঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত থানুৰাম প্ৰাথমিক বিদ্যালয়ত আজি ৰাতিপুৱা ৭৫ সংখ্যক স্বাধীনতা দিবস উপলক্ষে প্ৰভাত ফেৰী কাৰ্যসূচী অনুষ্ঠিত হয়। প্ৰধান শিক্ষক মেচেৰ আলীৰ পৰিচালনাত আয়োজিত এই কাৰ্যসূচীত বিদ্যালয়ৰসহ শিক্ষক অনিল বৰ্মনৰ লগতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক অভিভাবিকাসকলে দেশপ্ৰেমমূলক বন্দনাৰে এক পদযাত্ৰা উলিয়ায়। প্ৰায় দুই কিলোমিটাৰ পদযাত্ৰা কৰি কণ কণ ছাত্ৰ-ছাত্ৰীয়ে দেশ বন্দনা আৰু ৰাষ্ট্ৰীয় পতাকা হাতত লৈ পদযাত্ৰা কৰে।
বিদ্যালয়ৰ প্ৰধান শিক্ষক মেচেৰ আলীয়ে চৰকাৰ প্ৰশাসনে এই কাৰ্যসূচী ৰূপায়ন কৰিবলৈ দিয়া বাবে ধন্যবাদ জনাই।লগতে শিক্ষক গৰাকীয়ে দেশ মাতৃৰ হৈ প্ৰান আহুতি দিয়া বীৰ বীৰাংগণা সকলক শ্ৰদ্ধাৰে সুঁৱৰি তেওঁলোকৰ দেশ প্ৰেম ছাত্ৰ-ছাত্ৰী সকলক ভাষণ প্ৰশংগত উলিয়ায় এই দেশ প্ৰেম ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আজিও বিদ্যমান থাকিব লাগে বুলি এক বক্তব্যৰ জৰিয়তে বুজায় শিক্ষক গৰাকীয়ে।