চতিয়া সমষ্টিৰ অন্তৰ্গত ইটাখোলাৰ পাঁচখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বিশাল পদ যাত্ৰাৰে ঘৰে ঘৰে ত্ৰিৰংগা শীৰ্ষক সজাগতা কাৰ্য্যসূচী ৰূপায়ণ

 08/13/2022 - 18:03
 
 
 
 
জামুগুৰিহাটঃ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি চতিয়া সমষ্টিৰ অন্তৰ্গত বালিজুৰী উচ্চ মাধ্যমিক বিদ্যালয়, বালিজুৰী চিনিয়ৰ চেকেণ্ডেৰী স্কুল, গ্ৰীণ মডেল ইংলিচ হাইস্কুল, কৈলাশপুৰ প্ৰাথমিক বিদ্যালয়,বালিজুৰী মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে “ঘৰ ঘৰ ত্ৰিৰংগা" শীৰ্ষক এক সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰে৷ আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ বাবে বিদ্যালয়ৰ কৰ্তৃপক্ষই গ্ৰহণ কৰা কাৰ্যসূচীৰ অন্যতম কাৰ্যসূচী হিচাপে পাঁচখন বিদ্যালয়ৰ শিক্ষকসকলৰ বিশেষ তৎপৰতাত ছাত্ৰ-ছাত্ৰীসকলে ঘৰে ঘৰে ত্ৰিৰংগা শীৰ্ষক সজাগতাৰ বাবে এই বিশাল পদ যাত্ৰাৰে নিকটবৰ্ত্তী অঞ্চল পৰিভ্ৰমণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷
 
পদযাত্ৰাকাৰী সকলে হাতে হাতে জাতীয় পতাকা লৈ- হৰ ঘৰ ত্ৰিৰংগা, বন্দে মাতৰম, ভাৰত মাতা কি জয় আদি শ্ল’গান দি গাঁও সমূহ পৰিভ্ৰমণ কৰি আগবাঢ়ি যায় পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক কৰ্মচাৰীসকল৷ এই বিশাল পদ যাত্ৰাৰ কাৰ্য্যসূচী শুভাৰম্ভ কৰে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই। 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।