ৰঙাপৰাঃ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি অলপতে শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ গ্ৰীনডেল ইংৰাজী স্কুলত অনুষ্ঠিত হোৱা ৰচনা আৰু তৰ্ক প্ৰতিযোগিতাৰ ফলাফল আজি বিদ্যালয় কতৃপক্ষই ঘোষণা কৰে। সেউজ চৌহদৰূপে ঘোষিত গ্ৰীনডেল স্কুলত পৰিৱেশ সংৰক্ষণৰ ওপৰত অনুষ্ঠিত প্ৰতিযোগিতাত অঞ্চলটোৰ বিভিন্ন বিদ্যালয়ৰ পৰা ৮০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
তৰ্ক প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰে ৰঙাপৰাস্থিত ছেণ্ট পলছ ইংৰাজী স্কুলৰ দিক্ষীতা বসুমতাৰী, দ্বিতীয় স্থান বালিপৰাস্থিত ছেণ্ট জন স্কুলৰ খনিন্দ্ৰ কোছ আৰু তৃতীয় স্থান অধিকাৰ কৰে বালিপৰাৰে ছেণ্ট জন স্কুলৰ দিব্যা প্ৰধানে। ৰচনা প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰে বালিপৰা ছেণ্ট জন স্কুলৰ বিবেক মোমিনে, দ্বিতীয় স্থান ফুলবাৰি হলি কিডছ পাব্লিক স্কুলৰ তৰুণ ৰাজপুতে।
ৰঙাপৰাৰ ছেভেন ছিষ্টাৰ স্কুলৰ খিষ্টোৰাজ টেটে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়। বিদ্যালয়খনে শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ লক্ষ্যৰে এনে ধৰনৰ প্রতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে অঞ্চলটোৰ বৌদ্ধিক সমাজে প্রশংসা কৰে|