মনিয়েৰিস্থিত সুধাকণ্ঠ একাডেমী এক্সেলেন্সীত প্ৰাগ মইনামেল

 08/16/2022 - 15:43
 
 
নিউজ ডেস্কঃ দেশৰ ৭৬তম স্বাধীনতা দিৱসৰ 'আজাদী কা অমৃত মহোৎসৱ' উপলক্ষে যোৱা ইংৰাজী ১নিউজ ডেস্কঃ দেশৰ ৭৬তম স্বাধীনতা দিৱসৰ 'আজাদী কা অমৃত মহোৎসৱ' উপলক্ষে যোৱা ইংৰাজী ১৪ আগষ্ট, দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে সুধাকণ্ঠ একাডেমী এক্সেলেন্সীত এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ লগতে চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। ৰাতিপুৱা ৮:৩০ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মনিয়েৰীৰ বিশিষ্ট সমাজকৰ্মী তথা অসমীয়া প্ৰতিদিন কাকতৰ স্থানীয় সংবাদকৰ্মী ভৱেশ নাথে। তাৰ পিছতে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে নিউজ লাইভৰ বিশিষ্ট সাংবাদিক বিকাশ শৰ্মা আৰু স্থানীয় সংবাদকৰ্মী গৌৰাংগ ডেকাই।
 
সুধাকণ্ঠ একাডেমীক এক্সেলেন্সী শৈক্ষিক ন্যাসৰ পৰিচালন সঞ্চালক তথা পূব বংশৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহঃ অধ্যাপক শ্বেখ আব্দুল হামিদে সঞ্চালনা কৰা অনুষ্ঠানটোত কণ কণ ছাত্ৰ ছাত্ৰীসকলে লোকগীত, বৰগীত, কৃষ্ণ নৃত্য, আধুনিক নৃত্য, অসমৰ মহীৰুহ, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ গীত পৰিৱেশন আৰু নৃত্য, ভাৰত নাট্যম আদি পৰিৱেশন কৰি অসমৰ বাৰেবৰণীয়া কৃষ্টি সংস্কৃতিৰ এক সুন্দৰ চানেকি দাঙি ধৰে।
 
চিত্ৰাংকণ প্ৰতিযোগিতাত প্ৰায় কুৰিখনতকৈও অধিক চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানৰ প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। চিত্ৰাংকণ প্ৰতিযোগিতাত ডিমু কনিহা ইছতঘৰিয়াৰ শংকৰদেৱ শিশু নিকেতনৰ মনজিষ্ঠা কুমাৰ প্ৰথম স্থান, দেৱৰ্ষি একাডেমীৰ ছাত্ৰ তনয় ত্ৰিলোক দেৱ শৰ্মা দ্বিতীয় স্থান, অংকিতা নাথে তৃতীয় স্থান দখল কৰাৰ লগতে শ্বেখ আছিফা আফ্ৰিন, দৰ্পণ দেৱ শৰ্মা আৰু লুনা নাথক নিচুকণি বঁটা প্ৰদান কৰা হয়। পুৰস্কাৰপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলক পূব বংশৰ মহাবিদ্যালয় এন. এছ. এছ. ইউনিট আৰু প্ৰাগ নিউজৰ ফালৰ প্ৰশস্তি পত্ৰ পৰা বঁটা প্ৰদান কৰা হয়। এই মঞ্চতেই অসমৰ বিশিষ্ট চিত্ৰশিল্পী তথা দৈনিক অসম বাতৰি কাকতৰ কৰ্মচাৰী প্ৰদীপ নাথ চিত্ৰশিল্পী অশোক নাথ, কৌশিক ডেকা; প্ৰাগ নিউজ চেনেলটোৰ জ্যেষ্ঠ এংকৰ তথা প্ৰযোজক সমীৰ গোস্বামী, দেৱজিৎ নন্দন আৰু আন দুগৰাকী ভিডিঅ সংবাদকৰ্মী ৰিন্তু হাজৰিকা আৰু হিমাংশু বৰাক সম্বৰ্ধনা জনোৱা হয়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।