এনআৰচিৰ শুনানিৰ বাবে যোৱা বৃদ্ধাৰ মৃত্যু

 06/10/2019 - 20:59

নগৰবেৰাঃ বৰপেটা জিলাৰ নিচানৰচৰত সোমবাৰে সংঘটিত হয় এক শোকাৱহ ঘটনা। এনআৰচিৰ শুনানিৰ বাবে গৈ মৃত্যু হয় এগৰাকী বৃদ্ধাৰ। গাঁওখনৰ আজিৰণ নেচা নামৰ ৫৫ বছৰীয়া বৃদ্ধা গৰাকী পৰিয়ালৰ লোকৰ সৈতে আজি পুৱাই শুনানিৰ বাবে বৰপেটালৈ ৰাওনা হয় যদিও আধা বাটতে হঠাৎ অসুস্থ পৰাত বৃদ্ধাগৰাকীক বৰপেটা মেডিকেল কলেজ হস্পিতাল লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষনা কৰে।

পৰিয়ালৰ লোকে জনোৱা মতে ইয়াৰ পূৰ্বেও বৃদ্ধাগৰাকী এবাৰ শুনানিত হাজিৰ হৈছিল। দ্বিতীয় বাৰৰ বাবে শুনানিত যাবলগীয়া হোৱাত মানসিক চাপত ভুগিছিল আৰু এনে মানসিক চাপত পৰিয়েই মৃত্যু হয় আজিৰণ নেচাৰ। এই ঘটনাই পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়াকো শোকস্তব্ধ কৰি তোলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।