নলবাৰী হৰিমন্দিৰত বিশ্ব হিন্দু পৰিষদ নলবাৰী জিলা সমিতিৰ উদ্যোগত জন্মাষ্টমী পালন

 08/19/2022 - 19:28
 
 
নলবাৰীঃ আজি শ্ৰীকৃষ্ণ জন্মাষ্টমী৷ সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাতো আজি পালন কৰা হৈছে শ্ৰীকৃষ্ণ জন্মাষ্টমী। সেইমৰ্মে নলবাৰীস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰিমন্দিৰ প্ৰাংগনত পালন কৰা হয় ৩৫ তম শ্ৰীশ্ৰী কৃষ্ণ জন্মাষ্টমী মহোৎসৱ। বিশ্ব হিন্দু পৰিষদ নলবাৰী জিলা সমিতিৰ উদ্যোগত আৰু নলবাৰী শ্ৰীশ্ৰী হৰিমন্দিৰ সমিতিৰ সহযোগত মন্দিৰৰ প্ৰাংগনত অনুষ্ঠিত কৰা হয় ৩৫ তম শ্ৰীশ্ৰী কৃষ্ণ জন্মাষ্টমী মহোৎসৱ। কৃষ্ণ জন্মাষ্টমী মহোৎসৱৰ লগত সংগতি ৰাখি এটি বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।
 
কৃষ্ণ জন্মাষ্টমী উপলক্ষে উলিওৱা শোভাযাত্ৰা নলবাৰী হৰিমন্দিৰৰ পৰা আৰম্ভ হৈ নলবাৰী চহৰ পৰিভ্ৰমণ কৰি আকৌ নলবাৰী হৰিমন্দিৰ প্ৰাংগনত উপস্থিত হৈ সমাৰণি পৰে। ইয়াৰ পিছতে জিলাভিত্তিত শিশু কৃষ্ণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। আজিৰ এই শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমী মহোৎসৱত ৰাষ্ট্ৰীয় স্বয়ংসেবক সংঘৰত অসম ক্ষেত্ৰৰ ক্ষেত্ৰ সংঘ চালক ডা: উমেশ চক্ৰৱৰ্তী,বিশ্ব হিন্দু পৰিষদ নলবাৰী জিলা সমিতিৰ সভাপতি তৰুণ ঠাকুৰীয়া,বিশ্ব হিন্দু পৰিষদৰ বিভাগ মন্ত্ৰী অনুপ দাস, ৰাষ্ট্ৰীয় স্বয়ংসেবক সংঘৰ উত্তৰ অসম প্ৰান্তৰ ক্ষেত্ৰ সংঘ চালক ডা: ভূপেশ শৰ্মা,কামখ্যা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সিদ্ধাৰ্থ শৰ্মা সহ ভালে কেইগৰাকীমান আমন্ত্ৰিত অতিথি সহ ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।