08/26/2022 - 12:22
in
ডুমডুমাঃ ডুমডুমা মাৰোৱাৰী যুৱ মঞ্চ আৰু প্ৰগতি শাখাই যুটীয়াভাৱে অহা ইং ২৮ আগষ্ট তাৰিখে ডুমডুমাত চাইক্লথন অৰ্থাৎ বাইচাইকেল মাৰাথন প্ৰতিযোগিতাৰ আয়োজন কৰিছে| যুৱ প্ৰজন্মক সু-স্বাস্থ্য আৰু ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত সু-স্বাস্থ্যৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই প্ৰতিযোগিতাৰ আয়োজন কৰা বুলি উদ্যোগতা সকলে জানিবলৈ দিয়ে| পুৱা ৬ বজাৰ পৰা ডুমডুমা নগৰ খেলপথাৰৰ পৰা আৰম্ভ হব লগিয়া প্ৰতিযোগিতাখনিত বিজয়ী প্ৰতিযোগিক পুৰস্কৃত কৰাৰ উপৰিও ১৪ বছৰৰ পৰা ২০ বছৰীয়া কিশোৰ-কিশোৰী আৰু 40 বছৰৰ উৰ্দ্ধৰ পুৰুষ-মহিলা প্ৰতিযোগি সকলৰ মাজৰ শ্ৰেষ্ঠ প্ৰতিযোগি বাচনি কৰি বিশেষভাৱে পুৰস্কৃত কৰা হব| প্ৰতিযোগিতাখনত অংশগ্ৰহণকাৰী প্ৰতিযোগি সকলৰ বাবে বঁটাৰ লগতে নগদ ধনৰ মাননীৰে পুৰস্কৃত কৰা হব বুলি জনাইছে আয়োজক সমিতিয়ে| উল্লেখযোগ্য যে, প্ৰায় ৬৮০০ কিলোমিটাৰ বাইকেল চলাই হিন্দু ধৰ্মৰ চাৰি ধাম ভ্ৰমণ কৰি চাঞ্চল্য সৃষ্টি কৰা তিনিচুকীয়াৰ ইউটিউবাৰ ৰৌচন কুমাৰ পণ্ডিত প্ৰতিযোগিতাৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰি প্ৰতিযোগি সকলক উৎসাহিত কৰিব বুলি জানিবলৈ দিছে| প্ৰতিযোগিতাখনত সকলো স্তৰৰ ৰাইজক অংশ গ্ৰহণ কৰিবলৈ আয়োজক সমিতিয়ে আহ্বান জনাইছে|