কাকপথাৰ প্ৰেছ ক্লাৱৰ উদ্যোগত বনাঞ্চলত ফল-মূলৰ গছ ৰোপণ

 08/30/2022 - 18:59
 
 
 
কাকপথাৰঃ এচাম দুষ্কৃতিকাৰীয়ে যধে-মধে বনাঞ্চল সমূহৰ গছ-গছনি সমূহ কাটি তহিলং কৰাৰ ফলত অসমৰ ঠাই বিশেষে জন্তু আৰু মানুহৰ সংঘাট দিনকদিনে বৃদ্ধি পাই আহিছে৷ বনাঞ্চলত খাদ্যৰ অভাব হোৱাত জীৱকুল খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহিবলৈ বাধ্য হৈছে৷ সম্প্ৰতি কাকপথাৰত দিনকদিনে বৃদ্ধি পোৱা বান্দৰৰ উপদ্ৰৱত ৰাইজে ত্ৰাহিমধুসূদন দেখিছে৷ কাকপথাৰৰ ওচৰতে থকা কুমচাং সংৰক্ষিত বনাঞ্চল আৰু ডাঙৰী সংৰক্ষিত বনাঞ্চলত বনৰীয়া ফলমূলৰ গছসমূহ দুষ্কৃতিকাৰীয়ে কাটি নিশেষ কৰাৰ ফলত বান্দৰৰ কেইবাটাও বৃহৎ জাকে কাকপথাৰৰ কেইবাটাও চুবুৰীত খাদ্যৰ সন্ধানত তাণ্ডব চলাই আহিছে। বান্দৰৰ উপদ্ৰৱ ৰোধ কৰাৰৰ পৰিকল্পনাৰে আজি কাকপথাৰ প্ৰেছ ক্লাৱৰ উদ্যোগত আৰু কাকপথাৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ সহযোগ কুমচাং বনাঞ্চলত এক ফলমূলৰ গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰে৷ কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু যুৱ ছাত্ৰ পৰিষদে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত কেইবাশতাধিক আম,মধুৰী,কঠাল,জামুক,থেকেৰা ইাত্যাদি ফলমূলৰ পুলি ৰোপণ কৰা হয়৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি কাকপথাৰ প্ৰেছ ক্লাৱৰ সভাপতি বিজয় দত্তই বনাঞ্চল সমূহত পৰ্যাপ্ত পৰিমাণে ফলমূলৰ গছৰ লগতে হাতীৰ খাদ্যৰ বাবে গছ ৰোপণ কৰি বান্দ আৰু হাতীৰ সৈতে মানুহৰ সংঘত ৰোধ কৰাৰ পদক্ষেপ লবলৈ ৰাইজলৈ আহবান জনোৱাৰ লগতে বনাঞ্চল সমূহত ফলমূলৰ গছপুলি ৰোপণ কৰিবৰ বাবে সুকীয়া আঁচনি গ্ৰহণ কৰিবলৈ বন বিভাগক বিশেষ পুঁজি যোগান ধৰিবলৈ চৰকাৰক আহবান জনায়৷ এই কাৰ্যসূচীত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সহকাৰী সম্পাদক ৰাতুল কলিতা কাকপথাৰ আঞ্চলিক বন বিষয়া প্ৰাণেশ্বৰ দাস আছু নেতা বিটু ডেকা উপস্থিত থাকে৷ আনহাতে কাকপথাৰ প্ৰেছ ক্লাৱে ৪ ছেপ্তেম্বৰত পুনৰ ডাঙৰী বনাঞ্চলত অনুৰুপ কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে ফলমূলৰ গছপুলি ৰোপণ কাৰ্যসূচী ধাৰাবাহিকভাৱে চলাই যাব বুলি জানিবলৈ দিয়ে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।