কামপুৰ আঞ্চলিক যুৱ সমাজে আয়োজন কৰা অভিনয় কৰ্মশালাৰ সফল সামৰণি

 08/31/2022 - 12:33
 
 
 
কামপুৰঃ কামপুৰ আঞ্চলিক যুৱ সমাজে কামপুৰ স্বৰাজ ভৱনত দহ দিনীয়াকৈ আয়োজন কৰা অভিনয় কৰ্মশালাৰ সফল সামৰণি পৰে। যোৱা ২১ আগষ্টৰ পৰা ৩০ আগষ্টলৈ অনুষ্ঠিত হোৱা এই কৰ্মশালাত অঞ্চলটোৰ ২৯ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ লয়। এই কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত আছিল কথাছৱি আৰু ধাৰাবাহিক পৰিচালক মনজিৎ শৰ্মা ;নাট্যকাৰ পৰিচালক প্ৰনৱ বৰুৱা ;বিশিষ্ট অভিনেতা পৰিচালক দিব্য জ্যোতি শইকীয়া।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।