আলফা(স্বা)ৰ লগত যোগাযোগ থকাৰ সন্দেহত গ্ৰেপ্তাৰ যুৱকক

 06/10/2019 - 21:03

কাকপথাৰঃ কাকপথাৰৰ টঙনা আৰক্ষী থানাৰ অন্তৰ্গত চেঙাপথাৰ গাঁৱৰ ভোগেশ্বৰ নেওগৰ পুত্ৰ ৰিদিপ নেওগ ওৰফে ৰণ্টু (৩৬) নামৰ এজন যুৱকক আলফা(স্বা)ৰ লগত যোগাযোগ থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰিছে৷

যুৱকজনৰ পৰা দুটা আই ই ডি, ইলেক্ট্ৰনিক ডিটেনেটৰ, এটা ১২ভল্টৰ বেটাৰী, চাৰিটা মোবাইল ফোন আৰু কিছু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে৷ আটক কৰা যুৱকজনক তিনিদিন আৰক্ষী জিম্মাত লয়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।