09/04/2022 - 13:28
in
বিশ্বনাথঃ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি মৌলানা আহমেদ আলিয়ে সংবাদ মেল যোগে কয় যে মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই যদি জেহাদীৰ আলম লৈ ৰাজ্যৰ মাদ্ৰাছা উচ্ছেদ অভিযান চলাব পাৰে,তেনেহলে অসমৰ উগ্ৰপন্থী সংগঠনৰ কেডাৰ সকলে অধ্যয়ন কৰা কলেজ বিদ্যালয় সমূহতো ভাঙি পেলোৱা নাই কিয়? যদি এখন ঘৰত বেয়া মানুহ উলাই,তেনেহলে গোটে ঘৰখনে ভাঙি পেলাব নেকি?ৰাজ্যখনত এনেকৈ দেশ বিৰুধী কাম নকৰিবলৈ আহবান জনাই সংগঠনটোয়ে।দেশখনত এনে কাম কৰি অশান্তিৰ সৃষ্টি নকৰিবলৈ আহবান জনাই সংগঠনটোয়ে।জেহাদীৰ নামত এই মাদ্ৰাছা উচ্ছেদ চলাই আছে যদিও মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰকৃত জেহাদী সন্দৰ্ভত কোনো তথ্য প্ৰমাণ দিয়া আমাৰ দৃষ্টি গোচৰ হোৱা নাই।জেহাদীৰ নামত কিনো তথ্য প্ৰমান প্ৰদৰ্শন নকৰি কেবল মুখ্যমন্ত্ৰী অথবা ডিজিপিয়ে কেবল মন্তব্যহে প্ৰদান কৰিছে যে এজন লোকে নিজকে জেহাদীৰ লগত সম্পৰ্ক থকা কথা স্বীকাৰ কৰিছে।সেই কথাত আমি কেনেকৈ বিশ্বাস কৰিম।এক শ্ৰেণীৰ লোকক সন্ত্তষ্ট কৰাৰ বাবত,ভোট বেংকৰ স্বাৰ্থত সংখ্যালঘুৰ ওপৰত বোলডজাৰ চলাই আছে।জেহাদী যদি আছে আমি জেহাদীৰ পক্ষত নাই,যদি উপযুক্ত প্ৰমান আছে আমিও জেহাদীৰ ওপৰত জপিয়াই পৰিম।সংবিধানৰ গণ্ডিত থাকি কাম কৰিবলৈ আহবান জনায়।সংবিধানৰ পৰা আতৰি শক্তি প্ৰদৰ্শনৰে কেতিয়াও জয় হব নোৱাৰে আৰু কোনো সমস্যা সমাধান কৰিব নোৱাৰে।যদি অসমৰ পৰা আপুনি সাম্প্ৰদায়িক বীজ আৰু জেহাদীৰ বীজ আতৰাব বিচাৰে।তেনেহলে অসমৰ অভিজ্ঞ আলিম মৌলানাক লৈ এটা দল বনাওক আৰু আমাক সুবিধা দিয়ক অসমৰ পৰা জেহাদীক ৰাজ্য তথা দেশৰ পৰা আতৰিত কৰিবলৈ।জেহাদী ইছলাম ধৰ্মৰ শত্ৰু,জেহাদী সকল কেতিয়াও ধৰ্ম পালন নকৰে।সংবাদমাধংযমৰত দেখিবলৈ পাইছো,ধুবুৰিৰ কোনো স্থানত মুকলিকৈ হাতত অস্ত্ৰ লৈ নিজকে বজৰং দল বুলি কৈ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।সেই সকল জেহাদী নহয় নেকী?দৰাচলতে ইচ্ছাকৃত ভাবে আমাৰ ধৰ্মীয় সংখ্যালঘুৰ ওপৰত আক্ৰমণ চলাইছে,ইচ্ছাকৃত ভাবে মাদ্ৰাছাত বুলডজাৰ চলাইছে।যদি এইদৰেই ইচ্ছাকৃত ভাবে এনেদৰে ধৰ্মীয় সংখ্যালঘু লোকৰ ওপৰত আক্ৰমণ চলাই থাকিলে দেশখনত সৃষ্টি হোৱা আশান্তিৰ বাবে জগৰীয়া হব অসমৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।