ননৈ প্ৰাথমিক বিদ্যালয়ত শিক্ষক দিৱস উদযাপন

 09/05/2022 - 17:39
 
 
 
 
নলবাৰীঃ নলবাৰী জিলাৰ পূৱ নলবাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত ননৈ প্ৰাথমিক বিদ্যালয়ত এক উৎসৱমুখৰ পৰিৱেশত শিক্ষক দিৱস পালন কৰা হয়| বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰায় দুই তিনিদিন আগৰে পৰাই শিক্ষক দিৱসৰ প্ৰস্তুতি চলায়| আজি ৰাতিপুৱা ১০ বজাত ড০ সৰ্বপল্লী ৰাধাকৃষ্ণৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক শ্ৰী অমল চন্দ্ৰ ডেকাই| ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত এটি সমৱেত গীতেৰে আৰম্ভণি কৰা সভাখনৰ সভাপতিত্ব কৰে বিদ্যালয়খনৰ ছাত্ৰ বিৰাজ কাকতিয়ে| সভাৰ উদ্দেশ্য অতি সুন্দৰকৈ ব্যাখ্যা কৰে বিদ্যালয়ৰ ছাত্ৰ সংসদৰ মুখ্য সম্পাদক দিক্ষু শালৈয়ে| সভাত ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাগুৰুসকলক কলম, গামোচা আদিৰে সম্বৰ্ধনা জনাই শ্ৰদ্ধা নিবেদন কৰাৰ লগতে একাংশ ছাত্ৰ-ছাত্ৰীয়ে ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ওপৰত ভাষণ দাঙি ধৰে|
 
 
ইয়াৰ পিছতে প্ৰধান শিক্ষকৰ লগতে বিদ্যালয়ৰ সহকাৰী শিক্ষক তপন কলিতা, সহকাৰী শিক্ষয়িত্ৰী ক্ৰমে বন্দিতা বৈশ্য আৰু লখিমী কাকতিয়ে ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যে বহুমূলীয়া বক্তব্য দাঙি ধৰে| ইয়াৰ উপৰি উপস্থিত থকা অভিভাৱকসকলেও চমু বক্তব্য প্ৰদান কৰে| কাৰ্যসূচীৰ মাজে মাজে ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা নৃত্য-গীত পৰিৱেশন কৰা হয়| শেষত সভাপতিৰ বক্তব্য আৰু মন্তব্য দাঙি ধৰাৰ পিছতেই জাতীয় সংগীত পৰিৱেশনেৰে সভা ভংগ দিয়া হয়| সভাত কিছু সময়ৰ বাবে উপস্থিত থাকে চি.আৰ.চি.চি. মণ্টু ডেকাই|  বিদ্যালয়খনৰ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে নিজে সভাখনৰ প্ৰস্তুতি আৰু পৰিচালনাত আগভাগ লৈ শিক্ষক দিৱস উদযাপন কৰি শিক্ষাগুৰুসকলক সন্মান যঁচা কাৰ্যত শিক্ষকসকলৰ লগতে অভিভাৱকসকলেও যথেষ্ট আনন্দ প্ৰকাশ কৰিছে|
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।