ৰামপুৰ ছলাপথাৰ জাতীয় বিদ্যালয় (ছিনিয়ৰ ছেকেণ্ডাৰী) স্কুলত শিক্ষক দিৱস উদযাপন

 09/05/2022 - 18:05
 
 
বটদ্ৰৱাঃ আজি পবিত্ৰ শিক্ষক দিৱস। গুৰু বন্দনাৰে মুখৰিত আজি দেশৰ লগতে ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠান। নগাঁও জিলাৰ বৃহত্তৰ বটদ্ৰৱাৰ বিভিন্ন চৰকাৰী, ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহতো বৰ্নাঢ্য কাৰ্যসূচীৰে শিক্ষক দিৱস উদযাপন কৰা হৈছে। বটদ্ৰৱাৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰামপুৰ ছলাপথাৰ জাতীয় বিদ্যালয় (ছিনিয়ৰ ছেকেণ্ডাৰী) স্কুলতো আজি শিক্ষক দিৱস উপলক্ষে পুৱাই চাফাই অভিযান, গছপুলি ৰোপণ আদি কাৰ্য্যসূচীৰ পাছত, বিদ্যালয় প্ৰাঙ্গনত এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড৹ আব্দুল আলীৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰে শিক্ষাগুৰু সকলক সম্বৰ্ধনা জনোৱাৰ লগতে শিক্ষাগুৰু সকলৰ পৰা আৰ্শীবাদ গ্ৰহণ কৰে। উক্ত অনুষ্ঠানতেই অঞ্চলটোৰ কেইবাগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক ফুলাম গামোচা, কলম আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত অৱসৰ প্ৰাপ্ত শিক্ষাবিদ হাচানোজ জামান আনচাৰি, ৰুস্তোম আলীয়ে অংশ গ্ৰহণ কৰি আজিৰ এই শিক্ষক দিৱসৰ তাৎপৰ্য সম্পৰ্কে বহুমূলীয়া ভাষণ প্ৰদান কৰে। অনুষ্ঠানত বিদ্যালয়ৰ অধ্যক্ষ ছফিকুল ইছলাম, শিক্ষাবিদ নুৰুজামান আনছাৰিৰ লগতে শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ-ছাত্ৰী উপস্থিত আছিল।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।