09/06/2022 - 19:46
in
বৰপেটাঃ বৰপেটাৰ বাবে অতিকৈ ভাল খবৰ। সেয়া হৈছে বৰপেটা চহৰৰ তিনি গৰাকী কাৰাটিয়ানে কমনৱেলথ কাৰাটে চেম্পিয়নশ্বিপত যোগদান কৰাৰ সৌভাগ্য লাভ কৰিছে। আজিৰে পৰা (৬-১১ চেপ্তেম্বৰ) অহা ১১ চেপ্টেম্বৰলৈ ইংলেণ্ডৰ বাৰ্মিংহাম চহৰত চলিব লগীয়া দশম কমনৱেলথ গেমছৰ কাৰাটে চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ ৰাজ্যৰ ৬ গৰাকী খেলুৱৈ ভাৰতীয় কাৰাটে দলত অৰ্ন্তভুক্ত হৈ ইতিমধ্যে বাৰ্মিংহাত উপস্থিত হৈছে। ইয়াৰে তিনি গৰাকী খেলুৱৈ হৈছে বৰপেটা চহৰৰ। তেওঁলোক হৈছে ইৰফান হাবিব, ৱাছিমা আখটাৰ আৰু নিশাদ আলী। উক্ত কাৰাটিয়ান কেইজন সুদক্ষ কাৰাটে প্ৰশিক্ষক হাছমৎ আলীৰ তত্বাৱধানত প্ৰশিক্ষণপ্ৰাপ্ত উদীয়মান কাৰাটিয়ান। অসমৰ পৰা ভাৰতীয় দললৈ নিৰ্বাচিত হোৱা ৬ গৰাকী কাৰটিয়ান হৈছে- হেংফু বংজাং,সুৰজ কোঁৱৰ,নীলাভ নয়ন ঠাকুৰীয়া, ইৰফান হাবিব,ৱাছিমা আখটাৰ তথা নিশাদ আলী। উল্লেখযোগ্য যে বিগত ২০১৮ বৰ্ষত দক্ষিণ আফ্ৰিকাৰ ডাৰবানত আয়োজিত নৱম কমনৱেলথ গেমছ কাৰাটে চেম্পিয়নশ্বিপত নিশাদ আলীয়ে স্বৰ্ণ পদক আজুৰি আনিবলৈ সক্ষম হৈছিল। নিশাদ আলীয়ে এইবাৰো পদক লাভ কৰাটো নিশ্চিত ভাৱে আশা কৰিছে বৰপেটা বাসীয়ে।