নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ বিৰুদ্ধে লক্ষীমপুৰত প্ৰতিবাদ

 06/10/2019 - 21:16

গোগামুখঃ নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ নিৰ্মাণৰ কাম ২০১১ ৰ পৰা বন্ধ হৈ থকাৰ লগতে নদীবান্ধৰ গোচৰটোৰ ওপৰত সেউজ ন্যায়ধীকৰনৰ আদালতত বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে অৰুণাচলৰ ৰাজ্যপাল বি ডি মিশ্ৰই বিধানসভাৰ মজিয়াত নদীবান্ধ হ'ব বুলি ভয়ংকৰ ঘোষনা কৰাৰ পিছত ৰাজ্যপালগৰাকীৰ ওপৰত সংগ্ৰামী জনতা এতিয়া জাগি উঠিছে আৰু ৰাজ্যজুৰি সংগঠনসমূহে তীব্ৰ প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে৷

বৃহৎ নদী বান্ধ বন্ধ কৰাৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ লক্ষীমপুৰ জিলা সমিতিয়ে লক্ষীমপুৰৰ মাজ মজিয়াত তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ বিষয়টো যিহেতু অসমৰ দ'ল সংগঠন, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত আলোচনা প্ৰক্ৰিয়াত আছে আৰু যেতিয়ালৈকে নদী বান্ধৰ বিষয়টো নিষ্পতিকৰন নহয় তেতিয়ালৈকে অসমত আন্দোলন চলি থাকিব বুলি সংগঠনটোৱে প্ৰতিবাদী স্থলিত জানিবলৈ দিয়ে৷

প্ৰতিবাদৰ সময়ত অসমজাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শতাধিক কৰ্মীয়ে বৃহৎ নদীবান্ধ বন্ধ কৰক, এন এইচ পি চি গ' বেগ, কেন্দ্ৰীয় চৰকাৰ হায় হায় আদি শ্ল'গানেৰে প্ৰতিবাদ উত্তাল কৰি তোলে৷ উল্লেখ্য যে তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ পিছত সংগঠনটোৱে জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ নদী বান্ধ বন্ধ কৰিবৰ বাবে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰেl

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।