09/08/2022 - 17:59
in
নলবাৰীঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰত স্বাধীনতাৰ ৭৬ বছৰত ভৰি দিয়াৰ পিছতো ঘগ্ৰাপাৰত ৰে'লৱে লেভেল ক্ৰছিং আজিও স্থাপন নোহোৱাত জাঙুৰ খাই উঠিছে বৃহত্তম অঞ্চলটোৰ দল-সংগঠন তথা অনুষ্ঠান-প্ৰতিষ্ঠানৰ মুৰব্বীসকল। উক্ত সমস্যাৰ সমাধানৰ উপায় বিচাৰি আজি ঘগ্ৰাপাৰৰ একে মঞ্চতে বহিল বিজেপি, কংগ্ৰেছ, অগপ,আছু-যূৱ ছাত্ৰ পৰিষদ,চি পি আই এম,ঘগ্ৰাপাৰ ক্ৰীড়া সন্থা,অ.জা.পকে ধৰি অঞ্চল টোৰ অনুষ্ঠান-প্ৰতিষ্ঠানসহ অৰ্ধশতাধিক দল -সংগঠনৰ মুৰব্বীসকল।উল্লেখ্য যে বিগত বছৰ সমুহত আটাইবোৰ দলৰ ৰাজনৈতিক নেতা, জনপ্ৰতিনিধিয়ে ঘগ্ৰাপাৰক দুভাগ কৰি উত্তৰ পূৱ সীমান্ত ৰে'লৱেৰ ৰে'লপথ (পদপথ লেভেল ক্ৰছিং স্থাপনত আগভাগ ল'ব বুলি প্ৰতিশ্ৰুতি দিছিল)কিন্তু আজি পৰ্যন্ত সেয়া সম্ভৱ হৈ নুঠিল।শেহতীয়াভাৱে অঞ্চলটোৰ ৰাইজক অন্য এক বিপদে দেখা দিছে।জানিব পৰা মতে ঘগ্ৰাপাৰৰ সোঁমাজত থকা ৰেলপথৰ উত্তৰ আৰু দক্ষিণ সংযোজিত যাতায়ত কৰা পথছোৱা কিছুদিন পুৰ্বে ৰে'লৱে সম্পূৰ্ণ বন্ধ কৰি দিয়ে।যাৰ পৰিপ্ৰেক্ষিতত বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলটোৰ কণ কণ ছাত্ৰ-ছাত্ৰীকে হাজাৰ হাজাৰ পথচাৰী যাতায়তৰ ক্ষেত্ৰত ভীষণ সমস্যাত পৰি আহিছে।এই উদ্দেশ্য আজি ঘগ্ৰাপাৰ হৰিমন্দিৰ প্ৰাংগণত দক্ষিণ ঘগ্ৰাপাৰ বজাৰ উন্নয়ন সমিতিৰ উদ্যোগত এখন বিশাল নাগৰিক সভা অনুষ্ঠিত হয়।সমাজকৰ্মী তথা অগপ নেতা থানেশ্বৰ লহকৰে সভাপতিত্ব কৰা সভাখন আছু,বিজেপি, কংগ্ৰেছ, অগপ,যুৱ ছাত্ৰ পৰিষদ, চি পি আই এম ,ঘগ্ৰাপাৰৰ গাঁও পঞ্চায়তৰ সভাপতি, কাউন্সিলাৰ আদিকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ মুৰব্বীৰ উপৰিও তিনিশতাধিক বিশিষ্ট ব্যাক্তিয়ে অংশগ্ৰহণ কৰে।দক্ষিণ ঘগ্ৰাপাৰ বজাৰ উন্নয়ণ সমিতিৰ সম্পাদক আনচাৰ আলীয়ে উদ্দেশ্য বাখ্যা কৰা সভাখনত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,নলবাৰী জিলা উন্নতি সভাৰ সম্পাদক ৰাতুল চন্দ্ৰ ডেকা,সদৌ অসম কলিতা জনগোষ্ঠী সন্মিলনৰ সাধাৰণ সম্পাদক প্ৰতুল কুমাৰ কলিতা, ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা, আ.জা.প নেতা শৰৎ কলিত, অৱসৰপ্ৰাপ্ত শিক্ষাবিদ তথা ঘগ্ৰাপাৰৰ হৰিমন্দিৰ কাৰ্যকৰী সভাপতি প্ৰভাত শৰ্মা, অৱসৰপ্ৰাপ্ত ভিডিঅ চামচুল হক চৌধুৰী, ঘগ্ৰাপাৰ ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক মনহৰি কলিতা, বিজেপি নেতা ভ্ৰমৰ মজুমদাৰ, ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্ব, আদিয়ে ঘগ্ৰাপাৰত শীঘ্ৰে এখন ৰে'লৱে লেভেল ক্ৰছিং স্থাপনৰ ক্ষেত্ৰত কিদৰে আগবাঢ়িলে যুগান্তকাৰী ফলাফল পাব পাৰি তাৰ ওপৰত বক্তব্য দিয়াৰ উপৰিও একাধিক বক্তাই স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, সাংসদ দিলীপ শইকীয়াক বিষয় সন্দৰ্ভত অৱগত কৰাৰ পৰামৰ্শ দিয়ে।উক্ত নাগৰিক সভাত কেইবাটাও গুৰুত্ব পুৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰাৰ উপৰিও বিকল্প পথ নোহোৱা পৰ্যন্ত ৰে'লৱে কাম বন্ধ ৰখা আৰু স্থানীয় বিধায়ক আৰু মঙ্গলদৈ সাংসদক লগ কৰাৰ প্ৰস্তাব গ্ৰহণ কৰা কৰে।