ঢকুৱাখনাত স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি স্থাপন

 09/11/2022 - 18:27
 
 
 
 
 
 
 ঢকুৱাখানাঃ বৰ অসমৰ ভেঁটি নিৰ্মাণ কৰা প্রবল প্ৰতাপী আহোম স্বৰ্গদেউ চাওলুং চুকাফাৰ পবিত্ৰ স্মৃতিত ঢকুৱাখনাত আজি চুকাফাৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰা হয়। তাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰ, অসম; ঢকুৱাখনাই ঢকুৱাখনাৰ সমগ্ৰ আহোমক একত্ৰিত কৰি স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে তাই বিকাশ কেন্দ্ৰৰ প্ৰাংগনত আজি চুকাফাৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰা হয়৷ তাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ লিটুল বুঢ়াগোহাঁইয়ে এই প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰে৷ অনুষ্ঠানত ঢকুৱাখনাৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা আহি এই প্ৰতিমূৰ্তি অনুষ্ঠানত উপস্থিত হয় ভালেসংখ্যক লোক৷ অসমীয়া জাতিৰ বাবে বৰ অসম গঢ়ি সাতৰাজ মাৰি এক ৰাজ কৰা স্বৰ্গদেউ চাওলুং চুকাফাৰ স্মৃতিত ঢকুৱাখনাত টাই আহোম পুজিৰ পৰা টাই আহোম উন্নয়ন পৰিষদে এই স্থানত ৩০-৪০ লাখ টকাৰে এখন আটক ধুনীয়া টাই ভাষাৰ বিদ্যালয়ৰ নিৰ্মাণৰ কাম হাতত লোৱাৰ কথা ঘোষণা কৰিছে৷
 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।