ডুমডুমাৰ ৰাইডাং-হাঁহচৰাত কৰম পৰৱ উদযাপন

 09/11/2022 - 19:48
 
 
ডুমডুমাঃ ভাদ মাহৰ শুক্ল একাদশীৰ পিচৰে পৰা ৰাজ্যখনত চাহ জনগোষ্ঠী ৰাইজে ওলহ-মালহৰে "কৰম পৰৱ" উদযাপন কৰা দেখা গৈছে| বিভিন্ন ঠাইত ৰাজহুৱাভাৱে কৰম উৎসৱ উদযাপন হোৱা দেখা গৈছে| অহা ইং ১৭ আৰু ১৮ ছেপ্তেম্বৰ তাৰিখে দুদিনীয়া কাৰ্য্যসূচীৰে উদযাপন কৰিবলৈ লোৱা ডুমডুমাৰ ৰাইডাং-হাঁহচৰা ৰাজহুৱা কৰম সন্মিলনৰ "বালি উঠোৱা" কাৰ্য্যসূচী আজি ৰূপায়ন কৰা হয়|
 
 
কৰমতি সকলে ঢোলৰ চেৱে চেৱে কৰম বন্দনা গায় আৰু ওৰুলীৰে পৱিত্ৰ কৰম উৎসৱৰ "জাৱা"ৰ বাবে আজি বালি উঠোৱা পৰৱ সমাধা কৰা দেখা যায়| পৰম্পৰা অনুসৰি কৰমতি সকলে দুই খৰাহি বালিত বিভিন্ন শস্যৰ বিজ ৰোপন কৰিব আৰু বিজ অংকুৰিত হোৱা দুটা খৰাহী অৰ্থাৎ "জাৱা"ক লৈ "কৰম আখড়া"ৰ আয়োজন হব| উদ্যোগতা সমিতিৰ সভাপতি জয় কিষান গোৱালাই জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজক কৰম সন্মিলনত অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে|
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।