06/10/2019 - 21:22
in
নলবাৰীঃ অসমীয়া সংস্কৃতিক বিপন্ন কৰিব বিচৰা ঘটনাক লৈ কঠোৰ হ’ব ৰাজ্য চৰকাৰ। ছয়গাঁৱৰ ঘটনাত জড়িতক ৰেহাই দিয়া নহ'ব বুলিও স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। নসত্ৰ কৃষ্ণ গুৰু সেৱাশ্ৰমত উপস্থিত হৈ এইদৰে ক'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আজি আধ্যাত্মিক গুৰু কৃষ্ণগুৰু প্ৰভূৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে নসত্ৰ উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
ইপিনে গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসবৰ লগতে আশ্ৰমৰ ভকতসকলৰ সুবিধাৰ বাবে ভাৰতীয় ষ্টেট বেংকৰ এটি শাখা মুকলি কৰা হয়। এই শাখা মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আনহাতে আজি গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসব উপলক্ষে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আশ্ৰমৰ সুবৰ্ণ কুড়ত এক ঘণ্টা বহে।