চতিয়া বিধান পৰিষদৰ কাৰ্য্যনিৰ্বাহক সভা সম্পন্ন, সমষ্টিটোৰ ৫ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা

 09/11/2022 - 20:03
 
 
জামুগুৰিহাটঃ অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠণ অসম যুৱ পৰিষদৰ প্ৰতিটো বিধান পৰিষদেই আজি ৰাজ্যৰ প্ৰতিটো সমষ্টিতেই অনুষ্ঠিত কৰিছে কাৰ্যনিৰ্বাহক সভা৷ চতিয়া সমষ্টিতো আজি চতিয়া বিধান পৰিষদৰ এখনি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়৷ জামুগুৰিহাটৰ খাদৈচুক নামঘৰ প্ৰাংগনত চতিয়া বিধান পৰিষদৰ সভাপতি ৰক্তিম জ্যোতি শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত অগপ দলৰ সাধাৰণ পৰিষদৰ সদস্য হেমন্ত কুমাৰ নাথ,অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সুশান্ত ভট্টাচাৰ্য,জিলা পৰ্যবেক্ষক জয়ন্ত বৰা আৰু কাচেম আলি শইকীয়া,কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ভাস্কৰজ্যোতি বৰা,প্ৰাক্তন জিলা পৰিষদৰ সদস্যা তথা জ্যেষ্ঠা নেত্ৰী পূৰ্ণীমা হাজৰিকাকে ধৰি কেবাগৰাকীও দলীয় বিষয়ববীয়া উপস্থিত থাকে৷
 
কাৰ্যনিৰ্বাহক সভাখনিত দলীয় কেবাটাও বিষয় আলোচনা কৰাৰ লগতে কেবাটিও সিদ্ধান্ত গ্ৰহণ কৰাৰহলগতে এই কাৰ্যনিৰ্বাহক সভাতেই “পাঞ্চজন্য” শীৰ্ষক নামাকৰণৰে এক সম্বৰ্ধনা অনুষ্ঠানো আয়োজন কৰে চতিয়া বিধান পৰিষদে৷সমাজৰ হিতাৰ্থে বিভিন্ন কৰ্মত নিজকে নিয়োজিত কৰি সমাজখনলৈ বৰঙনি আগবঢ়োৱা চতিয়া সমষ্টিৰ পাঁচগৰাকী বিশিষ্ট ব্যক্তিক আজিৰ এই কাৰ্যনিৰ্বাহক সভাত সম্বৰ্ধনা জনোৱা হয়৷ সমষ্টিটোৰ ধোৱাকটা নিবাসী গোপাল কৃষ্ণ বৰাক শংকৰী কলা-সংস্কৃতিৰ সাধক সন্মানেৰে, শলগুৰি গাঁৱৰ গজেন শইকীয়াক মুখাশিল্পী তথা প্ৰকৃতিপ্ৰেমী সন্মানৰে,নিউজ লাইভৰ জামুগুৰিহাটৰ সাংবাদিক হিৰণ্য বৰাক যুৱ সাংবাদিকতা সন্মানেৰে সম্বৰ্ধনা,চাৰিদুৱাৰৰ চেঙেলীমৰাৰ নবিল ভূঞাক যুৱ কবি সন্মানৰে আৰু খাদৈচুক গাঁৱৰ ৰাহুল নাথক যুৱ চিত্ৰশিল্পী সন্মানৰে সম্বৰ্ধনা জনাই অসম যুৱ পৰিষদৰ চতিয়া বিধান পৰিষদে৷সম্বৰ্ধিত ব্যক্তিসকলক একোখনকৈ ফুলাম গামোছা,সম্বৰ্ধনা পত্ৰ আৰু একো একোটা গছপুলিৰে সম্বৰ্ধনা জনাই উদ্যোক্তা অসম যুৱ পৰিষদৰ চতিয়া বিধান পৰিষদে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।