নগাঁও জিলাৰ কঠিয়াতলীতো বিশ্বকৰ্মা পূজাক লৈ ব্যাপক প্ৰস্ততি

 09/12/2022 - 12:10
 
 
 
 
কামপুৰঃ বিশ্বকৰ্মা পূজালৈ মাজত মাথোন কেইটামান দিন বাকী। এতিয়া আৰম্ভ হৈছে উৎসৱৰ বতৰ দুটা বছৰ লকডাউন আৰু চলিত বৰ্ষত হৈ যোৱা প্ৰলয়ংকাৰী বানত জুৰুলা হোৱা দক্ষিন নগাঁও বাসীয়ে পূৰ্বৰ সকলোধৰণৰ বেয়া দিনবোৰৰ কথা পাহৰি আহি থকা সকলো উৎসৱক আদৰিবলৈ ব্যাপক প্ৰস্তুতি হাতত লৈছে। এইয়া নগাঁও জিলাৰ কঠিয়াতলীৰ মহামায়া শিল্পালয়ৰ দৃশ্য ।বিশ্বকৰ্মাৰ মূত্তিত শেষ পৰস দিয়াত ব্যস্ত শিল্পীসকল।এইবেলি কঠিয়াতলী ;কামপুৰ ;কচুৱা এলেকাত গাড়ীমালিক সন্থাকে ধৰি বিভিন্নজন ব্যক্তিয়ে ব্যক্তিগত ভাৱে বিশ্বকৰ্মা পূজা উদযাপনৰ প্ৰস্ততি চলাইছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।