বৰপেটা জিলাৰ চেঙা সমষ্টিৰ নিৰলাত পৰম্পৰাগত নাও খেল প্ৰতিযোগিতাৰ সফল সামৰণি

 09/12/2022 - 14:48
 
 
নগৰবেৰাঃ বৰপেটা জিলাৰ চেঙা সমষ্টিৰ নিৰলাত পৰম্পৰাগত নাও খেল প্ৰতিযোগিতাৰ সফল সামৰণি। নিৰলাৰ শিৰাজ উদ্দিন মেমোৰিয়াল ক্লাব আৰু অঞ্চলটোৰ ৰাইজৰ সহযোগত অনুষ্ঠিত দুদীনয়া নাওঁ খেল প্ৰতিযোগিতাত A-গ্ৰুপৰ ফাইনেলত প্ৰথম স্থান দখল কৰে বাঘবৰৰ শিলশি পথাৰৰ ৰাইজৰ চকুৰ মণি নামৰ নাওঁ দলটোৱে আৰু B-গ্ৰুপৰ প্ৰথম স্থান দখল কৰে জনপ্ৰিয় এক্সপ্ৰেছ নামৰ নাওঁ দলটোৱে। পৰাম্পৰাগতভাৱে অনুষ্ঠিত হোৱা এই নাওঁ খেল প্ৰতিযোগিতাত দূৰ-দূৰণিৰ কেইবাটাও নাওঁ দলে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে A-গ্ৰুপৰ ফাইনেল খেলখন অনুষ্ঠিত হোৱাৰ আগতেই সন্ধিয়া হৈ যোৱাত ৰাইজৰ অনুৰোধত বাইকৰ লাইট জ্বলাই অনুষ্ঠিত কৰিবলগীয়া হ'য়। এই অভিনৱ পন্থা হাতত লোৱাত দৰ্শক আনন্দ পোৱাৰ লগতে হাহিৰ খোৰাকো লৈছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।