ৰঙিয়া জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নৱনিৰ্মিত ভৱন উদ্বোধন

 06/10/2019 - 21:29

ৰঙিয়াঃ ৰঙিয়া জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নৱ নিৰ্মিত অট্টালিকাটো আজি ৰঙিয়াৰ বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতাই আনুষ্ঠানিকভাবে শুভ উদ্বোধন কৰে। শুভ উদ্বোধনী অনুষ্ঠানৰ পিছতে নৱ নিৰ্মিত ভৱন চৌহদত এখন সভা অনুষ্ঠিত হৈ যায়। সভাত বিভাগটোৰ কাৰ্য্যবাহী অভিযন্তা গায়ত্ৰী ভট্টাচাৰ্যীয়ে আদৰণি ভাষণ ৰাখে।

ইয়াৰ পিছতে বিভাগটোৰ নামনি অসমৰ অতিৰিক্ত মুখ্য অভিযন্তা লৰেঞ্চ ইংতিয়ে ভাষন ৰাখি ৰঙিয়াত আৰ টি আই সমস্যাৰ বাবে বিভাগটোৱে উন্নয়নৰ কাম কৰিব পৰা নাই বুলি কয়। উপায়ুক্ত কমল বৈশ্যই তেওঁৰ ভাষণত কয় যে ৰঙিয়াৰ বহু দিনীয়া অভাব এটা আজি সম্পূৰ্ণ হয়। অনুষ্ঠানটোত উপস্থিত থকা মন্ত্ৰী ভৱেশ কলিতাই কয় যে এইবাৰ মোডী মন্ত্ৰী মণ্ডলে জল মন্ত্ৰালয় খুলি ইয়াৰ জৰিয়তে ৰাইজক পূৰ্বতকৈ দ্ৰুতগতিত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰিব।

মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত আৰু কয় যে গাঁৱে গাঁৱে গৈ মোবাইল গাড়ীৰে পানী যোগানৰ ক্ষেত্ৰত ক্ষেত্ৰ ভিত্তিত পৰিদৰ্শন কৰিব। সভাত মন্ত্ৰীগৰাকীয়ে ৰঙিয়া জনস্বাস্থ্য কাৰিকৰী বিভাগত এখন ভ্ৰুাম্যমান গাড়ী দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে। যোৱা ২০১৩ চনত প্ৰায় ২ কৌটি ১৩ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ আৰম্ভ হোৱা গৃহটো আজি এনেদৰে নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ হোৱাত ইয়াৰ পৰা ৰঙিয়াৰ জনসাধাৰণ উপকৃত হ’ব বুলি মন্ত্ৰী কলিতাই কয়।

সাংবাদিক মোস্তফা কামালে পৰিচালনা কৰা সভাখনত উপস্থিত থকি প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৱে ভাষণ ৰাখে। বড়োৱে তেওঁৰ ভাষণৰ মাজেৰে ৰঙিয়া ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত থকা জলসিঞ্চন বিভাগৰ বাংলাটো সেনাৰ কবলৰ পৰা মুক্ত কৰাৰ বাবে উপস্থিত থকা কামৰূপ উপায়ুক্তক অনুৰোধ জনায়। আজিৰ উদ্ধোধনী অনুষ্ঠানটোত উপস্থিত থাকে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি মুনিন্দ্ৰ বৰদলৈৰ লগতে বিভাগটোৰ কেইবাগৰাকী উচ্চপদস্থ বিষয়া।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।