মাৰ্ঘেৰিটাঃ ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ অন্তৰ্গত পাৱৈৰ পৰা লিডুৰ টিৰাপ কলিয়ৰীলৈকে জৰাজীৰ্ণ ৰাষ্ট্ৰীয় পথত বিগত তিনিবছৰ ধৰি ৰাইজক জ্বলা-কলা খুৱাই আহিছে। আজি এই বিধ্বস্ত পথৰ অন্যতম অংশ লিডুৰ টিৰাপ কলিয়ৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত হাৰমনিয়াম লৈ ঘূৰে জনপ্ৰিয় পথাৰ শিল্পী লোহিত গগৈ।
পথটি নিৰ্মানৰ বাবে পথচাৰী, যান-বাহনেৰে অহা যোৱাসকলৰ পৰা ধন সংগ্ৰহ কৰে। প্ৰতীকি ৰূপত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ পথাৰ শিল্পী লোহিত গগৈৰ। হাৰমনিয়াম লৈ গীত গাই পথচাৰী, যান বাহন চালক আৰোহীৰ পৰা ধন সংগ্ৰহ কৰে। সংগ্ৰহীত ধনেৰে অতি ভয়াবহ ৰূপ ধাৰণ কৰা অংশসমূহত শিল বালি পেলাই মেৰামতিৰ প্ৰচেষ্টা চলায়। উল্লেখযোগ্য যে বিগত প্ৰায় তিনিবছৰে পথটোৰ বিভিন্ন অংশত দ দ গাত সৃষ্টি হৈছে।
তাৰোপৰি খৰালি এই পথ ধূলিময় হৈ পৰে আৰু বাৰিষা ঠাইয়ে ঠাইয়ে এআঁঠু পানী হয়। যাৰ ফলত পথচাৰী গাড়ী চালকৰ বাবে এই পথ হৈ পৰিছে মৰণফাণ্ড। গুৰুত্বপূৰ্ণ কথা এই পথ নিৰ্মাণৰ বাবে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই কেন্দ্ৰীয় গড়কাপ্তানী মন্ত্ৰীলৈ শেহতীয়াকৈ পত্ৰ প্ৰেৰণ কৰি দাবী জনাব লগা হৈছে। ভৰ বাৰিষাৰ পূৰ্বে এই পথ নিৰ্মাণ নকৰিলে ৰাইজে যে অধিক যমৰ যাতনা ভোগাই নহয় জাগুন-মাৰ্ঘেৰিটা অঞ্চলৰ সম্পূৰ্ণ যোগাযোগ ব্যাহত হৈ পৰিব সেইয়া নিশ্চিত।