জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত শলগুৰি গাঁৱৰ কলীয়া গোঁসাই থানত পাচতি উৎসৱ উদযাপন

 09/18/2022 - 14:46

 

জামুগুৰিহাটঃ অসমীয়া লোক সংস্কৃতিৰ এক অনন্য বৃহৎ পৰম্পৰা চাৰিশ বছৰ ধৰি জিপাল কৰি ৰাখিছে জামুগুৰিহাটৰ শলগুৰি গাঁৱৰ মহিলা সমাজে৷ শলগুৰি গাঁৱৰ ঐতিহ্যমণ্ডিত কলীয়া গোঁসাই থানত গাঁৱৰ মহিলা সকলৰ দ্বাৰা অনুষ্ঠিত কৰা হয় পাচতি উৎসৱ৷ কৃষ্ণৰ জন্মৰ চাৰিদিনৰ পাচত গকুলত আনন্দ উৎসৱ কৰি ঘিঁ-মৌ তথা অষ্ট অমৃত পান কৰা দৃশ্য প্ৰতিকী ৰূপত দেখুৱা হয় এই পাচতি উৎসৱত৷ উল্লেখ্য যে বিগত চাৰিশ বছৰ ধৰি শলগুৰি গাঁৱৰ মহিলা সকলে ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে উদযাপন কৰি আহিছে এই পাচতি উৎসৱ৷ গাওঁবাসী ৰাইজে চাৰিশ বছৰধৰি উদযাপন কৰি অহা এই পাাচতি উৎসৱকলৈ বহু অলৌকিক ঘটনাও জৰিত থকা বিষয়ে জানিব পৰা গৈছে৷ এই পাচতি  উৎসৱ অহা বৰ্ষত ব্যাপক আয়োজনৰে উদযাপন কৰা হব বুলি জানিবলৈ দিয়ে উদ্যোক্তা সকলে৷

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।